ধুবুৰীৰ গোলকগঞ্জত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। আৰক্ষীৰ অভিযানত পিষ্টলসহ আটক কৰা হৈছে পিতা-পুত্ৰক। হালাকুৰাৰ সোণাখুলি প্ৰথম খণ্ড গাঁৱত চলিছিল অভিযান। পুৱতিনিশা হামিদ আলী ওৰফে ধুল্লাৰ ঘৰত অভিযান চলাইছিল গোলকগঞ্জ আৰক্ষীয়ে। অভিযানত হামিদ আলীৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছে হস্তনিৰ্মিত পিষ্টল।তাৰ পিছতে হামিদ আলীক তাৎক্ষণিকভাৱে আটক কৰা হয়।তেওঁৰ পুত্ৰ মজনু আলী (৩০) ওৰফে চাঞ্চেকো জিম্মাত লৈ সোধা-পোছাৰ বাবে থানালৈ নিয়া হয় । বৰ্তমান পিতৃ-পুত্ৰৰ উভয়কে গোলকগঞ্জ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। Share this:FacebookX Related Post navigation আজি অভিৰুচি ক্ৰীড়া দিৱস আফগানিস্তানৰ জনসাধাৰণৰ সহায়ৰ বাবে ২১ টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে ভাৰতে