বিশাখাপট্টনমঃ নিস্তব্ধ নিশাৰ অন্ধকাৰ ফালি তীব্ৰবেগে আগুৱাই যোৱা এখন যাত্ৰীবাহী ৰে’লৰ ডবাত হঠাতে জুইৰ লেলিহান শিখাই আৱৰি ধৰাত সৃষ্টি হয় হাহাকাৰময় পৰিৱেশৰ। অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ ওচৰৰ য়ালমানচিলিত টাটানগৰ-এৰ্নাকুলাম এক্সপ্ৰেছত সংঘটিত এই অগ্নিকাণ্ডই এজন যাত্ৰীৰ জীৱন কাঢ়ি নিয়াৰ লগতে ৰে’ল যাত্ৰাৰ নিৰাপত্তাক লৈ পুনৰ প্ৰশ্ন উত্থাপন কৰিছে। সোমবাৰে পুৱতি নিশা প্ৰায় ১২:৪৫ বজাত সংঘটিত এই শোকাৱহ ঘটনাত চন্দ্ৰশেখৰ সুন্দৰম নামৰ এজন ব্যক্তিৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে।

ৰে’লৱেৰ সূত্ৰই জনোৱা মতে, ৰে’লখনৰ দুটাকৈ ডবাত হঠাতে জুই লাগে। যি সময়ত এই দুৰ্ঘটনাটো ঘটে, সেই সময়ত প্ৰভাৱিত ডবা দুটাত ক্ৰমে ৮২ গৰাকী আৰু ৭৬ গৰাকী যাত্ৰী আছিল। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয় যদিও ৰে’লখনৰ বি-১ ডবাটোৰ পৰা এজন যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। জুইৰ মাত্ৰা অধিক হোৱাৰ পূৰ্বেই যাত্ৰীসকলক সুৰক্ষিতভাৱে বাহিৰ কৰিবলৈ সক্ষম হোৱাত এক ডাঙৰ বিপৰ্যয়ৰ পৰা ৰক্ষা পৰে।

ইতিমধ্যে ক্ষতিগ্ৰস্ত ডবা দুটা ৰে’লখনৰ পৰা পৃথক কৰি টাটানগৰ-এৰ্নাকুলাম এক্সপ্ৰেছখন গন্তব্যস্থানলৈ ৰাওনা হৈছে। ক্ষতিগ্ৰস্ত যাত্ৰীসকলক বিকল্প ব্যৱস্থাৰে নিজ নিজ লক্ষ্যস্থানলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে ৰে’ল কৰ্তৃপক্ষই। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যদিও দুটা ফৰেনচিক দলে বৰ্তমান দুৰ্ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *