মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে নতুন দিল্লীত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ সৈতে সৌজন্য সাক্ষাৎ কৰে। উপ-ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হোৱা বৈঠকত মুখ্যমন্ত্রীয়ে ব্যক্তিগতভাৱে ৰাধাকৃষ্ণনক উপ-ৰাষ্ট্ৰপতি পদ গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনায়।

বৈঠকৰ সময়ত মুখ্যমন্ত্রীয়ে উপ-ৰাষ্ট্ৰপতিগৰাকীক অসম ভ্ৰমণলৈও আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনায় যাতে ৰাজ্যখনত বিগত কিছু বছৰত যি বিস্তৃত উন্নয়ন আৰু ৰূপান্তৰ ঘটিছে তাৰ প্ৰত্যক্ষ সাক্ষী হ’ব পাৰে। তেওঁ উল্লেখ কৰে যে অসমে বিভিন্ন খণ্ডত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। উপ-ৰাষ্ট্ৰপতি গৃহত প্ৰায় ৩০ মিনিট ধৰি চলি থকা বৈঠকত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে মুখ্যমন্ত্ৰীৰ এই ইংগিতৰ শলাগ লৈ তেওঁৰ সৈতে আন্তৰিক বাৰ্তালাপ কৰে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উপ-ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰি অভিনন্দন জনোৱাটো এক গৌৰৱৰ কথা বুলি উল্লেখ কৰি ৰাজ্যখন ভ্ৰমণ কৰি অসমৰ উন্নয়ন যাত্ৰাৰ সাক্ষী হ’বলৈ আমন্ত্ৰণ জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *