দিল্লী বিমানবন্দৰত যাত্ৰীক আক্ৰমণৰ অভিযোগত গ্ৰেপ্তাৰ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পাইলট। বিগত ১৯ ডিচেম্বৰত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাত জড়িত থকা কেপ্তেইন বীৰেন্দ্ৰ চেজৱালক আজি গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে অভিযোগ অনুসৰি, অংকিত দেৱান নামৰ এজন যাত্ৰীক তেওঁৰ সাত বছৰীয়া কন্যাৰ সমুখতে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল পাইলটজনে। নিৰাপত্তা পৰীক্ষাৰ শাৰীত থিয় হোৱাক লৈ হোৱা তৰ্কৰ পৰিণতিতে এই আক্ৰমণৰ ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। আক্ৰমণৰ ফলত অংকিত দেৱানৰ নাকৰ হাড় ভঙাৰ লগতে মুখমণ্ডলত গুৰুতৰ আঘাত পোৱা বুলি চিকিৎসা পৰীক্ষাত প্ৰমাণিত হৈছে। উল্লেখযোগ্য যে, যাত্ৰীজনৰ অভিযোগৰ ভিত্তিত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ কৰ্তৃপক্ষই ইতিমধ্যে অভিযুক্ত পাইলটজনক চাকৰিৰ পৰা নিলম্বন কৰিছে। ইফালে, পাইলট বীৰেন্দ্ৰ চেজৱালেও যাত্ৰীজনৰ বিৰুদ্ধে প্ৰত্যাভিযোগ দাখিল কৰিছে যদিও আৰক্ষীয়ে তদন্তৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰাৰ সিদ্ধান্ত লয়। চিচিটিভি ফুটেজ আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্য সংগ্ৰহ কৰি দিল্লী আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে।প্ৰাৰম্ভিক জেৰাৰ অন্তত অভিযুক্ত পাইলটজনক গ্ৰেপ্তাৰ কৰাৰ পাছতে এতিয়া বিষয়টোৱে নতুন মোৰ লৈছে। ব্যক্তিগত বিবাদৰ সুযোগ লৈ এজন পেছাদাৰী পাইলটে এনেদৰে যাত্ৰীক আক্ৰমণ কৰা কাৰ্যক গৰিহণা দিছে সচেতন মহলে। Share this:FacebookX Related Post navigation পেট্ৰ’নাছ টিভিএছ ইণ্ডিয়া অ’এমচি ২০২৬ৰ প্ৰশিক্ষণ আৰু বাছনি কাৰ্যসূচী ঘোষণা টিভিএছএমৰ আজি পুৱা বাংলাদেশে লাভ কৰে এক দুখবৰ