দিল্লীৰ বোমা বিস্ফোৰণ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। ফৰিদাবাদৰ পৰা গ্ৰেপ্তাৰ হোৱা ডাঃ শ্বাহিনা শ্বাহিদক লৈ ডাঙৰ তথ্য পোহৰলৈ আহিছে। কোৱা হৈছে, তেওঁ জইছ-ই-মহম্মদৰ মহিলা শাখা জামাত-উল-মমিনাটৰ ভাৰতীয় কমাণ্ডাৰ আছিল।পাকিস্তানৰ পৰা পৰিচালিত এই সন্ত্ৰাসবাদী সংগঠনটোৰ মুৰব্বী হৈছে মাছুজ আজহাৰৰ ভগ্নী আৰু কান্দাহাৰ অপহৰণ গোচৰৰ মাষ্টাৰমাইণ্ড ইউছুফ আজহাৰৰ পত্নী সাদিয়া আজহাৰ। অৰ্থাৎ ফৰিদাবাদত গ্ৰেপ্তাৰ হোৱা চিকিৎসক এই সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সংযোগত আছিল। অৱশ্যে দিল্লীৰ বিস্ফোৰণ এওঁলোকৰ নেটৱৰ্কৰ অংশ আছিল নে নাই সেই সন্দৰ্ভত এতিয়াও তদন্ত চলি আছে।সোমবাৰে সন্ধিয়া ৬.৫২ বজাত দিল্লীৰ লালকিল্লাৰ মেট্ৰ ষ্টেচনৰ ১ নং গেটৰ সমীপত চলন্ত বাহনত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। বৰ্তমান পৰ্যন্ত এই ঘটনাত ৯ জনৰ মৃত্যু আৰু কেইবাজনো আহত হোৱাৰ তথ্য আহি পৰিছে। বিস্ফোৰণ হোৱা গাড়ীখনত সন্ত্ৰাসবাদী ডাঃ মহম্মদ উমৰ থকা বুলি সন্দেহ কৰা হৈছে। Share this:FacebookX Related Post navigation সকলোতে সিঁচৰতি কেৱল মানৱ শৰীৰৰ অংগ তাৰকা এথলীট নোৱা লাইলছ আৰু শ্বেলী-এন ফ্ৰেজাৰ-প্ৰাইছক পুনে মাৰাথন ২০২৫ৰ সৈতে জড়িত কৰি নতুন মাত্ৰা প্ৰদান বাজাজ ফিনচাৰ্ভৰ