আজি সমগ্ৰ দেশত চাঞ্চল্যকৰ পৰিৱেশ। সোমবাৰে সন্ধিয়া ৰাজধানী দিল্লীত সংঘটিত বিস্ফোৰণৰ ঘটনাই দেশত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই ঘটনাত এতিয়ালৈকে ৯ জন লোকৰ মৃত্যু হৈছে। আনহাতে প্ৰায় ২৮ লোক চিকিৎসাধীন হৈ আছে। ইয়াৰে কেইজনমানৰ অৱস্থা সংকটজনক। ইফালে প্ৰকাশ কৰা হৈছে আহত আৰু নিহতসকলৰ তালিকা। এই পৰ্যন্ত ২০ জন লোকক চিনাক্ত কৰা হৈছে। মৃত্যু হোৱা ৯ জন লোকৰ ভিতৰত এজন উত্তৰ প্ৰদেশৰ অশোক কুমাৰ আৰু আনজন দিল্লীৰ অমৰ কটাৰীয়া বুলি চিনাক্ত হৈছে। ইফালে এতিয়াও চিনাক্ত হোৱা নাই বাকীসকলৰ মৃতদেহ। Share this:FacebookX Related Post navigation আইচিচিয়ে ল’লে সিদ্ধান্ত দিল্লীৰ বোমা বিস্ফোৰণ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে