দীপৰ বিলৰ সংৰক্ষণৰ হকে মাত মাতি অহা আৰু বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি অহা আঠ শতাধিক মাছমৰীয়া পৰিয়ালৰ উমেহতীয়া সংগঠন দীপৰ বিল পাছপাৰা সমবায় সমিতিয়ে প্ৰতি বছৰে বাৰিষা কালত দীপৰ বিলত মাছৰ বংশবৃদ্ধিৰ বাবে বিলৰ বুকুত মাছৰ পোনা এৰি দি আহিছে। বিগত বৰ্ষৰ দৰে এইবেলিও ১৩ জুনত দীপৰ বিলত বিভিন্ন থলুৱা প্ৰজাতিৰ মাছৰ পোনা এৰি দিয়া হয় । মাছৰ পোনা এৰি দিয়া কাৰ্যত সকলো দিশতে সহযোগিতা আগবঢ়াইছে বিশিষ্ট শিক্ষাবিদ তথা পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ বলেন্দ্ৰ কুমাৰ দাস, পুৰুজিত বিক্ৰম দস্তিদাৰ আৰু ৰটাৰী ক্লাৱ অফ গুৱাহাটী চাউথে। আনহাতে সিদিনা দীপৰ বিলৰ বুকুত প্রায় ২.৫ কুইণ্টল ভকুৱা , কুৰিহা আৰু ৰৌ মাছৰ পোনা এৰি দিয়া হয়। মাছৰ পোনা এৰি দিয়া কাৰ্যসূচীত দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্রমোদ কলিতা, দীপৰ বিল পাছপৰা সমবায় সমিতিৰ সভাপতি গোলক দাস (১) , সম্পাদক গোলক দাস (২) আৰু কাৰ্যকৰী সদস্য সতীশ দাস, সনাতন দাস, বিপুল দাসকে কেবাজনো কর্মকর্তা উপস্থিত থাকে। তেনেদৰে বিলৰ বুকুত দুখন নাওৰ সহায়ত সমিতিৰ সদস্যসকলে মাছৰ পোনা সমূহ এৰি দিয়ে। ইফালে দীপৰ বিল পাছপৰা সমবায় সমিতিৰ কৰ্মকর্তা সকলে জানিবলৈ দিয়া মতে মাছৰ পোনা এৰি দিয়াৰ পাছত আগন্তক ছয় মাহৰ বাবে বিলৰ বুকুত মাছ ধৰা পৰ্ব বন্ধ থাকিব। অহা ইংৰাজী নৱবৰ্ষৰ জানুৱাৰী মাহৰ প্ৰথম দেওবাৰটোত মাংগলিক কাৰ্যসূচীৰ মাজেৰে যাৱতীয় পূজা অৰ্চনা কৰাৰ পাছতহে দীপৰ বিলত সমূহীয়াভাবে মাছ ধৰা পৰ্ব আৰম্ভ কৰা হব। তাৰ পাছতহে বিলৰ বুকুত মাছমৰীয়া সকলে মাছ ধৰিব পাৰিব। উল্লেখ্য যে দীপৰ বিলৰ অতন্দ্ৰ প্ৰহৰী হিচাপে পৰিচিত দীপৰ বিল পাছপৰা সমবায় সমিতিয়ে জন্মলগ্নৰে পৰা বিলখন যাতে প্রাকৃতিক ভাবে সংৰক্ষিত তথা সুৰক্ষিত হয় আৰু মাছমৰীয়া পৰিয়ালৰ লোকসকলৰ বিলত মাছ ধৰা অধিকাৰ সদায় সুৰক্ষিত হৈ থাকে তাৰ বাবে কাম কৰি আহিছে। Share this:FacebookX Related Post navigation ২০২৭ চনৰ লোকপিয়লক লৈ অধিসূচনা জাৰি কেন্দ্ৰীয় চৰকাৰৰ