ডেধিয়া মিউজিক ফাউণ্ডেচন(ডিএমএফ)-এ দেশজুৰি হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ যুৱ প্ৰতিভাৰ অন্বেষণ আৰু তুলি ধৰাৰ লক্ষ্যৰে এখন অভিনৱ মঞ্চ যুৱ সুৰ সৰতাজ ২০২৪ৰ আৰম্ভ কৰাৰ কথা সগৌৰৱে ঘোষণা কৰিছে। জাইকাছৰ চিইঅ’ আতিশ দেধিয়াই প্ৰতিষ্ঠা কৰা ডিএমএফ সংগীতৰ জৰিয়তে ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰচাৰ আৰু সংৰক্ষণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। যুৱ সুৰ সৰতাজ ২০২৪ প্ৰতিযোগিতাই ১৫-৩০ বছৰ বয়সৰ উচ্চাকাংক্ষী সংগীতশিল্পীসকলক নিজৰ বহুমুখী প্ৰতিভা প্ৰদৰ্শনৰ এক সুবৰ্ণ সুযোগ প্ৰদান কৰিছে। দেশৰ প্ৰথিতযশা শিল্পী কৌশিকী চক্ৰৱৰ্তী, ৰাহুল দেশপাণ্ডে আৰু সঞ্জীৱ অভ্যাংকৰৰ বিচাৰকৰ আসন শুৱনি কৰিব লগা এই প্ৰতিযোগিতাৰ জৰিয়তে ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ প্ৰতি আগ্ৰহ পুনৰ জগাই তোলাৰ লক্ষ্য লোৱা হৈছে। জাইকাছৰ চিইঅ’ আতিশ দেধিয়াই নিজৰ অভিমত ব্যক্ত কৰি কয় যে, এই পদক্ষেপৰ লক্ষ্য হৈছে আজিৰ প্ৰজন্মই পশ্চিমীয়া সংগীতৰ প্ৰতি ঢাউতি বৃদ্ধিৰ সময়ত আমাৰ দেশৰ চহকী সংগীত পৰম্পৰাৰ প্ৰতি মনোযোগ আকৰ্ষণ বৃদ্ধি কৰা। প্ৰতিযোগিতাখন তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব: কল ফৰ এণ্ট্ৰি, ভাৰ্চুৱেল অডিচন আৰু সৰ্বশেষত ২০২৪ৰ ১৫ অক্টোবৰত মুম্বাইৰ নেহৰু অডিটৰিয়ামত গ্ৰেণ্ড ফিনালে অনুষ্ঠি হ’ব, এই অনুষ্ঠানৰ সম্প্ৰচাৰ ছ’চিয়েল মিডিয়াত লাইভ ষ্ট্ৰীমিং কৰা হ’ব। অংশগ্ৰহণকাৰীসকলে যুৱ সুৰ চৰতাজ প্ৰতিযোগিতাৰ বাবে পঞ্জীয়ন কৰি নগদ পুৰস্কাৰ আৰু মেণ্টৰশ্বিপ লাভৰ বাবে অংশগ্ৰহণ কৰিব পাৰে। দুটা বয়সৰ কেটেগৰীত বিজয়ীসকল(১৫-২২ আৰু ২৩-৩০)ক নগদ ধন আৰু ধ্ৰুপদী কণ্ঠৰ প্ৰশিক্ষণৰ বাবে পুঁজি প্ৰদান কৰা হ’ব। প্ৰখ্যাত হিন্দুস্তানী শাস্ত্ৰীয় কণ্ঠশিল্পী কৌশিকী চক্ৰৱৰ্তীয়ে নতুন প্ৰজন্মক শাস্ত্ৰীয় সংগীতৰ প্ৰতি আকৰ্ষণ আৰু উৎকৃষ্টতা অৰ্জনৰ বাবে অনুপ্ৰাণিত কৰাৰ ক্ষেত্ৰত ডিএমএফৰ ভূমিকাৰ বাবে এই প্ৰচেষ্টাৰ শলাগ লয়। Share this:FacebookX Related Post navigation কানাৰা ৰবেকোৱে গতিশীল সম্পত্তি আবণ্টনৰ সৈতে সন্তুলিত সুবিধা পুঁজি মুকলি কৰিছে স্কোডা অটো ইণ্ডিয়াই ২০২৫ চনত বিশ্বব্যাপী আত্মপ্ৰকাশৰ লক্ষ্যৰে এটা ষ্টাইলিছ কম্প্যাক্ট এছইউভি ডিজাইন প্ৰকাশ কৰিছে