মেঘালয়ৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ মৃত্যু ঘটিছে। চিকিৎসালয়ত তেওঁৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে।লাপাঙে (৯৩) ইহ সংসাৰত পত্নী এমেথিষ্ট লিণ্ডা জ’নছ ব্লাহ আৰু দুটা সন্তানক এৰি থৈ যায়। খবৰ অনুসৰি সোমবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী লাপাঙক সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে দাহ কৰা হ’ব। দীৰ্ঘদিন ধৰি বয়সৰ লগত জড়িত ৰোগত আক্ৰান্ত হৈ থকা লাপাঙে শুকুৰবাৰে সন্ধিয়া চিকিৎসালয়ত মৃত্যুক সাৱটি লয় বুলি পৰিয়ালে জানিবলৈ দিয়ে। লাপাঙৰ মৃত্যুৰ সময়ত চিকিৎসালত উপস্থিত আছিল প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ নেতা ভিনচেণ্ট এইচ পালা। বিভিন্ন নেতা-সাধাৰণ লোককে ধৰি সকলো শ্ৰেণীৰ লোকে লাপাঙক চিকিৎসালয়ত আৰু পিছলৈ নংপোহৰ বাসগৃহত শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হয়। ১৯৩২ চনৰ ১০ এপ্ৰিলত জন্মগ্ৰহণ কৰা লাপাঙে ১৯৭২ চনৰ বিধানসভা নিৰ্বাচনত নংপোহ আসনৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়লাভ কৰি ৰাজনীতিত প্ৰৱেশ কৰে। ১৯৯২ চনৰ পৰা ২০১০ চনৰ ভিতৰত তেওঁ চাৰিবাৰকৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৮ চনত কংগ্ৰেছ ত্যাগ কৰি নেশ্যনেল পিপলছ পাৰ্টিত যোগদান কৰি লাপাঙে ৰাজ্য চৰকাৰৰ মুখ্য উপদেষ্টা আছিল। Share this:FacebookX Related Post navigation ভৰতৰ ৰেল নেটৱৰ্কত অন্তৰ্ভুক্ত মিজোৰাম এন আই টি শিলচৰৰ পৰা পাঁচ বাংলাদেশী ছাত্ৰ নিলম্বন আৰু বিতাড়িত