ৰাজ্যত কাম কৰাৰ অভিজ্ঞতা অবিহনে এতিয়াৰে পৰা কোনো বিষয়াই লাভ নকৰিব মেঘালয় আৰক্ষীৰ শীৰ্ষ পদ। শনিবাৰে বিধানসভাত গৃহীত হোৱা ‘মেঘালয় আৰক্ষী (সংশোধনী) বিধেয়ক, ২০২৬’ অনুসৰি, আৰক্ষী সঞ্চালক প্ৰধান পদৰ বাবে বিবেচিত হ’বলৈ হ’লে এজন বিষয়াই ৰাজ্যখনত অন্ততঃ এবছৰ সেৱা আগবঢ়োৱাটো বাধ্যতামূলক কৰা হৈছে। মেঘালয় আৰক্ষী আইন, ২০১০ত এই নতুন চৰ্ত অন্তৰ্ভুক্ত কৰি প্ৰশাসনিক ব্যৱস্থাত এক বৃহৎ পৰিৱৰ্তন আনিছে চৰকাৰে।

প্ৰবেচনৰ সময়খিনি বাদ দি সংশ্লিষ্ট বিষয়াজনে মেঘালয়ৰ স্থানীয় পৰিৱেশ আৰু প্ৰশাসনৰ সৈতে ন্যূনতম এবছৰ জড়িত হৈ থাকিব লাগিব। এই পদক্ষেপৰ মূল লক্ষ্য হ’ল ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়াগৰাকীক স্থানীয় আইন-শৃংখলাৰ পৰিস্থিতিৰ বিষয়ে সঠিকভাৱে অৱগত কৰোৱা। বৰ্তমান অসম-মেঘালয় যুটীয়া কেডাৰৰ আইপিএছ বিষয়াসকল এই পদৰ বাবে যোগ্য বুলি বিবেচিত হৈ আহিছে যদিও এতিয়াৰ পৰা নতুন চৰ্তটো পালন কৰাটো প্ৰয়োজনীয় হ’ব।

সদনত এই বিধেয়কখন দাখিল কৰি উপ-মুখ্যমন্ত্ৰী প্ৰেষ্টন টাইনছঙে কয়, “ৰাজ্যখনৰ আৰক্ষী বাহিনীক নেতৃত্ব দিয়া বিষয়াজনে স্থানীয় পৰিৱেশ আৰু প্ৰশাসনৰ সৈতে পৰিচিত হোৱাটো অতি প্ৰয়োজনীয়। এই সংশোধনীয়ে প্ৰশাসনত ধাৰাবাহিকতা ৰক্ষা কৰাৰ লগতে আৰক্ষী আৰু অসামৰিক প্ৰশাসনৰ মাজত উন্নত সমন্বয় গঢ়ি তুলিব।”

উল্লেখ্য যে, মেঘালয়ৰ বাবে উপলব্ধ জ্যেষ্ঠ আইপিএছ বিষয়াৰ সীমিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনিক কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। এই নতুন আইনে মেঘালয় আৰক্ষীৰ নেতৃত্বত স্থিৰতা অনাৰ লগতে স্থানীয় বিষয়সমূহৰ প্ৰতি অধিক সংবেদনশীলতা বৃদ্ধি কৰিব বুলি চৰকাৰে আশাপ্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *