নতুন দিল্লীত অলপতে অনুষ্ঠিত ১৫  সংখ্যক দাদা চাহেব ফাল্কে ছুটি ছবি মহোৎসৱত অসমৰ   ৰুণা লাইলাৰ বিশেষভাৱে সক্ষম যুৱতি লিজাৰ জীৱনৰ ওপৰত আধাৰিত ছবি “LIZA-the untold story”।  ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ ছুটি ছবি  হিচাপে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে  কৰ্কট ৰোগৰ  দৰে দুৰাৰোগ্য ৰোগৰ লগত যুজঁ দি থকা অৱস্থাতেই সৃষ্টিশীল কাম কৰি অসমৰ নাম ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকালে ছবি নিৰ্দেশক ৰুণা লাইলাই । আনহাতে ছবিখন প্ৰযোজনা কৰিছে জাহাঙ্গীৰ আলীয়ে । সহকাৰী পৰিচালক ৰূপে আছিল অসীম হাজৰিকা।

লগতে মুনমী ফুকন, কাশ্মীৰী শইকীয়া বৰুৱা, বন্দনা বৰুৱা, পাৰবীন লাইলা, বিভূতি ভূষণ হাজৰিকা, জুলফি শ্বেইখ,ভৱেশ দাস, আশিক ইকবাল ৰহমানৰ দৰে বহু ন – পুৰণি শিল্পীয়ে ছবিখনত অভিনয় কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *