মধ্যৰাতি হঠাৎ এক প্ৰচণ্ড শব্দই নিমিষতে শ্মশানলৈ পৰিৱৰ্তিত কৰিলে এখন ঘৰ। তেলেংগনাৰ সিৰমৌৰ জিলাৰ ঘানদুৰি গাঁৱত বুধবাৰে নিশা এটা গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড। এই শোকাৱহ ঘটনাত একেটি পৰিয়ালৰে তিনিটা শিশুসহ মুঠ ৬ জন লোকে জীৱন্তে দগ্ধ হৈ মৃত্যুক আকোৱালি লয়। মৃতসকলৰ ভিতৰত ৫০ বছৰীয়া নৰেশ কুমাৰ, তেওঁৰ পত্নী তৃপ্তি (৪৪), কবিতা (৩৬) আৰু তিনিটি শিশু ক্ৰমে কীৰ্তিকা (১৩), সাৰিকা (১৩) আৰু মাত্ৰ ৩ বছৰীয়া কাৰ্তিক আছে বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, নিশা প্ৰায় ৩ বজাত এই ভয়াৱহ বিস্ফোৰণটো ঘটে। মাঘী উৎসৱ উপলক্ষে ঘৰখনত আত্মীয়-স্বজন সমবেত হোৱাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়। মুহূৰ্তৰ ভিতৰতে জুইৰ লেলিহান শিখাই কাষৰীয়া কেইবাটাও বাসগৃহক আগুৰি ধৰে আৰু সমগ্ৰ অঞ্চলটো ক’লা ধোঁৱাই আৱৰি পেলায়। চুবুৰীয়াই আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও উদ্ধাৰকাৰী দল উপস্থিত হোৱাৰ পূৰ্বেই ঘৰসমূহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডৰ সময়ত ঘৰটোত ৮-১০ জন লোক আছিল যদিও কেইজনমান লোকে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, জুই ইমানেই ভয়ংকৰ আছিল যে ঘৰৰ ভিতৰত থকা লোকসকলে বাহিৰলৈ ওলাই অহাৰ সুযোগেই নাপালে। কেৱল মানুহেই নহয়, গোৱালঘৰত থকা দুটা গৰু আৰু এটা দামুৰিও এই অগ্নিকাণ্ডত মৃত্যুমুখত পৰে। এজন আহত ব্যক্তিক গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। প্ৰাথমিক তদন্তত গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে যদিও বিস্ফোৰণৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *