ডিজিটেল যুগৰ আধুনিক প্ৰৱঞ্চনাই এতিয়া উচ্চপদস্থ চৰকাৰী বিষয়াকো কেনেকৈ চৰম মানসিক যন্ত্ৰনাৰ ফালে ঠেলি দিব পাৰে, তাৰ এক মৰ্মান্তিক উদাহৰণ দাঙি ধৰিছে পাটিয়ালাৰ এক চাঞ্চল্য্যকৰ ঘটনাই। চাইবাৰ অপৰাধীৰ এটা সংগঠিত চক্ৰৰ কবলত পৰি ৮.১০ কোটি টকা হেৰুওৱাৰ পাছত অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়া অমৰ সিং চাহালে সোমবাৰে গুলীয়াই আত্মহত্যাৰ চেষ্টা চলায়। ডিবিএছ বেংকৰ দৰে নামী প্ৰতিষ্ঠানৰ ভুৱা পৰিচয় দি শ্বেয়াৰ বজাৰত বিনিয়োগৰ নামত এজন দক্ষ প্ৰাক্তন আৰক্ষী বিষয়াকো যি ধৰণে আৱেগিক আৰু আৰ্থিকভাৱে জুৰুলা কৰা হ’ল, সেই কথাই এতিয়া সমগ্ৰ দেশৰ নিৰাপত্তা ব্যৱস্থাক ভাবিবলৈ বাধ্য কৰাইছে।

ইফালে আৰক্ষী সঞ্চালকপ্ৰধানলৈ লিখা এক পত্ৰত চাহালে উল্লেখ কৰে যে হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপৰ জৰিয়তে তেওঁক অধিক লাভৰ প্ৰলোভন দিয়া হৈছিল। ‘F-777 DBS Wealth Equity Research Group’ নামৰ চক্ৰটোৱে ভুৱা ডেশ্বব’ৰ্ড ব্যৱহাৰ কৰি তেওঁৰ বিশ্বাস অৰ্জন কৰিছিল আৰু কেইবা কোটি টকা বিনিয়োগ কৰিবলৈ বাধ্য কৰাইছিল। তদুপৰি লুণ্ঠিত ধন ওভতাই বিচাৰোঁতে তেওঁক চাৰ্ভিচ চাৰ্জ আৰু টেক্সৰ নামত পুনৰ টকা দিবলৈ হেঁচা প্ৰদান কৰা হৈছিল। বাৰে বাৰে অনলাইন ট্ৰেন্সফাৰ কৰাৰ পাছতো যেতিয়া তেওঁ কোনো টকা লাভ নকৰিলে, তেতিয়াই চৰম হতাশাত এই পথ বাছি লয়।

আনহাতে চুইছাইড নোটত তেওঁ সমগ্ৰ ঘটনাটোৰ তদন্তৰ বাবে এছআইটি গঠনৰ আহ্বান জনোৱাৰ লগতে তেওঁৰ এই মৃত্যুৰ বাবে কেৱল চাইবাৰ প্ৰৱঞ্চক চক্ৰটোহে দায়ী বুলি উল্লেখ কৰে। বৰ্তমান পাটিয়ালা আৰক্ষীয়ে বেংক একাউণ্টৰ লেনদেন আৰু ডিজিটেল প্ৰমাণসমূহ তন্ন তন্নকৈ পৰীক্ষা কৰি আছে। বৰ্তমান অৱসৰী আইপিএছ বিষয়াজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *