দেশৰ বাবে প্ৰাণ আহুতি দিয়া অসম ৰেজিমেণ্টৰ অগ্নিবীৰ জন গিনলালেন হাওকিপক বুধবাৰে পূৰ্ণ সামৰিক মৰ্যাদাৰে অন্তিম বিদায় জনোৱা হয়। কৰ্তব্যৰত অৱস্থাত বীৰগতি প্ৰাপ্ত হোৱা এই তৰুণ সৈনিকজনৰ বলিদানক সন্মান জনাই আয়োজন কৰা শেষকৃত্যৰ অনুষ্ঠানত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। সামৰিক পৰম্পৰা অনুসৰি অত্যন্ত শ্ৰদ্ধা আৰু মৰ্যাদাৰে বীৰ জোৱানগৰাকীক শেষ বিদায় জনায় সেনা বাহিনীৰ লগতে স্থানীয় ৰাইজে।

মণিপুৰৰ এই বিষণ্ণ পৰিৱেশৰ মাজতে ৩ ক’ৰ্পছৰ জেনেৰেল অফিচাৰ কমাণ্ডিঙৰ হৈ অসম ৰাইফলছৰ (দক্ষিণ) আই জি আৰু চেক্টৰ কমাণ্ডাৰে মাল্যদান কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সেনাৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে অসামৰিক প্ৰশাসনৰ প্ৰতিনিধি, প্ৰাক্তন সৈনিক আৰু শ শ স্থানীয় লোকে অংশগ্ৰহণ কৰি দেশপ্ৰেমী জোৱানগৰাকীলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰে।

উল্লেখ্য যে, শ্বিলঙৰ হেপী ভেলীস্থিত অসম ৰেজিমেণ্টেল চেণ্টাৰত মেনিঙ্গোকোকেল নামৰ বেক্টেৰিয়াৰ সংক্ৰমণত শ্বহীদ হৈছিল প্ৰশিক্ষাৰ্থী অগ্নিবীৰ দুগৰাকী। এই ভয়ংকৰ বেক্টেৰিয়াৰ সংক্ৰমণত বৰ্তমানো হাস্পতালত চিকিৎসাধীন হৈ আছে আন ২৮ গৰাকী প্ৰশিক্ষাৰ্থী অগ্নিবীৰ।

অসম ৰাইফলছৰ এগৰাকী বিষয়াইকয়, “অগ্নিবীৰ জন গিনলালেন হাওকিপৰ এই চৰম ত্যাগ আৰু সাহসিকতাই প্ৰতিগৰাকী ভাৰতীয়ৰ বুকুত দেশপ্ৰেমৰ এক নতুন জোৱাৰ আনিব।”

তেওঁ লগতে কয়, “আমি শোকাভিভূত পৰিয়ালটোৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। তেওঁৰ এই ত্যাগৰ কাহিনীয়ে অনাগত দিনত প্ৰজন্মৰ পাছত প্ৰজন্মক দেশসেৱাৰ বাবে অনুপ্ৰাণিত কৰি যাব।”

ত্ৰিৰংগাৰে আবৃত কফিনটোৰ সন্মুখত সেনাৰ জোৱানসকলে শেষ শ্ৰদ্ধা জনোৱাৰ পাছত আকাশ কঁপাই গান চেল্যুট দিয়া হয়। ‘লাষ্ট পষ্ট’ৰ কৰুণ সুৰে উপস্থিত সকলোৰে চকু সেমেকাই তোলে। দেশৰ অখণ্ডতা ৰক্ষাৰ বাবে হাঁহি হাঁহি মৃত্যুক সাৱটি লোৱা এইগৰাকী অগ্নিবীৰৰ স্মৃতিত সমগ্ৰ মণিপুৰ এতিয়া মৰ্মাহত।

Leave a Reply

Your email address will not be published. Required fields are marked *