বিশ্বৰ সৰ্বাধিক উপাৰ্জন কৰা ৫০ গৰাকী খেলুৱৈৰ তালিকাত ফৰ্বছৰ শীৰ্ষত আছে তাৰকা ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডো। ২০২৪ চনৰ মে’ৰ পৰা ২০২৫ চনৰ মে’ৰ ভিতৰত তেওঁ ২৭৫ মিলিয়ন ডলাৰ উপাৰ্জন কৰিছে। এই ৰেংকিঙত তেওঁ একেৰাহে তৃতীয় বছৰৰ বাবে শীৰ্ষত আছে। শীৰ্ষ ৫০ গৰাকী খেলুৱৈয়ে সামূহিকভাৱে অভিলেখ সৃষ্টি ৪.২৩ বিলিয়ন ডলাৰ উপাৰ্জন কৰিছে, যিটো যোৱা বছৰৰ ৩.৮৮ বিলিয়ন ডলাৰৰ তুলনাত বৃদ্ধি পাইছে। ১৩৫ মিলিয়ন ডলাৰেৰে পঞ্চম স্থানত আছে লিয়নেল মেছি। এই তালিকাত কোনো মহিলা খেলুৱৈক অন্তৰ্ভুক্ত কৰা হোৱা নাই। কোকো গ’ফে ১৯.২ মিলিয়ন ডলাৰৰে স্থান লাভ কৰাৰ পৰা বঞ্চিত হয়। একেদৰে এইবাৰ কোনো ভাৰতীয় খেলুৱৈ ৰেংকিঙত অন্তৰ্ভুক্ত নহয়। ক্রিষ্টিয়ানো ৰোনাল্ডো (ফুটবল) – ২৭৫ মিলিয়ন মাৰ্কিন ডলাৰ। ষ্টিফেন কাৰি (বাস্কেটবল) – ১৫৬ মিলিয়ন মাৰ্কিন ডলাৰ। টাইছন ফিউৰি (বক্সিং) – ১৪৬ মিলিয়ন মাৰ্কিন ডলাৰ। ডাক প্ৰেছকট (এন এফ এল) – ১৩৭ মিলিয়ন ডলাৰ। লিয়নেল মেছি (ফুটবল) – ১৩৫ মিলিয়ন মাৰ্কিন ডলাৰ। লেব্ৰন জেমছ (বাস্কেটবল) – ১৩৩.৮ মিলিয়ন মাৰ্কিন ডলাৰ, জুয়ান ছ’ট’ (বেছবল) – ১১৪ মিলিয়ন মাৰ্কিন ডলাৰ।কৰিম বেনজেমা (ফুটবল) – ১০৪ মিলিয়ন মাৰ্কিন ডলাৰ। শ্বোহেই ওহতানি (বেছবল) – ১০২.৫ মিলিয়ন মাৰ্কিন ডলাৰ। কেভিন ডুৰাণ্ট (বাস্কেটবল) – ১০১.৪ মিলিয়ন মাৰ্কিন ডলাৰ। Share this:FacebookX Related Post navigation কাইলৈ পৰা পুনৰ আৰম্ভ আই পি এল আই পি এলৰ প্লে অফৰ দৌৰৰ পৰা বাহিৰ লক্ষ্ণৌ ছুপাৰজায়েণ্টছ