শিক্ষকৰ অনুপস্থিতিয়ে শিক্ষাৰ অধিকাৰ আইনক অৰ্থহীন কৰি পেলায় বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। এক পৰিদৰ্শনৰ সময়ত বিদ্যালয়ত অনুপস্থিত থকাৰ বাবে নিলম্বিত হোৱা একাংশ প্ৰাথমিক শিক্ষকৰ আবেদন খাৰিজ কৰি আদালতে এই পৰ্যবেক্ষণ কৰে। শিক্ষকসকলৰ নিলম্বনৰ আদেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰি বিচাৰপীঠে কয় যে শিক্ষাদানৰ দৰে পবিত্ৰ দায়িত্বত গাফিলতি কোনোমতেই গ্ৰহণযোগ্য নহয়।

ন্যায়াধীশ প্ৰকাশ পাদিয়াই এই গোচৰৰ শুনানি গ্ৰহণ কৰি ৰাজ্য চৰকাৰক অহা তিনি মাহৰ ভিতৰত এখন নতুন নীতি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। এই নীতিৰ জৰিয়তে বিদ্যালয়ত শিক্ষকৰ উপস্থিতি নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিয়া হ’ব। আদালতে স্পষ্টকৈ জনায় যে শিক্ষাৰ্থীসকলক বাধাহীনভাৱে শিক্ষা প্ৰদান কৰাটো চৰকাৰৰ এক মৌলিক দায়িত্ব আৰু এই ক্ষেত্ৰত শিক্ষকসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।

ভাৰতীয় সংস্কৃতিত শিক্ষকক ‘গুৰু’ আৰু জ্ঞানৰ স্তম্ভ হিচাপে গণ্য কৰা হয় বুলিও আদালতে সোঁৱৰাই দিয়ে। ২০০৯ চনৰ শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইনখন সঠিকভাৱে ৰূপায়ণ কৰিবলৈ শিক্ষকৰ উপস্থিতি বাধ্যতামূলক। এই ঐতিহাসিক নিৰ্দেশে এতিয়া ৰাজ্যখনৰ শিক্ষা বিভাগত এক বৃহৎ পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *