ভোটগ্ৰহণৰ দিনা ভোটকেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰি ভোটাৰক প্ৰভাৱিত কৰাৰ অভিযোগ উঠিছে এজেপি প্ৰাৰ্থী কুংকী চৌধুৰীৰ বিৰুদ্ধে। এই সন্দৰ্ভত বৃহস্পতিবাৰে পানবজাৰ আৰক্ষী থানাত পঞ্জীয়ন কৰা হয় প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে এক গোচৰ। গুৱাহাটী কেন্দ্ৰীয় বিধানসভা সমষ্টিত নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ তুলি নৱ কুমাৰ লহকৰ নামৰ এজন ব্যক্তিয়ে এই এজাহাৰ দাখিল কৰে। উক্ত অভিযোগত কুংকী চৌধুৰীৰ লগতে সন্দীপ যাদৱ নামৰ এজন ৰাজনৈতিক কৰ্মীৰো নামো সাঙোৰ খাইছে। এজাহাৰত উল্লেখ কৰা মতে, নিৰ্বাচনী নিৰ্দেশনা অনুসৰি ভোটগ্ৰহণৰ ৪৮ ঘণ্টা পূৰ্বেই বহিৰাগত কৰ্মীয়ে সমষ্টি ত্যাগ কৰিব লাগিছিল যদিও সন্দীপ যাদৱে সেই নিয়ম উলংঘা কৰি অঞ্চলটোত বাহৰ পাতি আছিল। ইয়াৰ উপৰি প্ৰাৰ্থী কুংকী চৌধুৰীয়ে কেইবাজনো সহযোগীসহ ভোটকেন্দ্ৰৰ ভিতৰত সোমাই ভোটাৰৰ সিদ্ধান্তত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপন হৈছে। প্ৰাৰ্থীগৰাকীৰ বাহনসমূহ নিষিদ্ধ এলেকাত পাৰ্ক কৰি থোৱাৰ উপৰি তেওঁৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীয়ে বিনা অনুমতিত কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰা বুলিও অভিযোগকাৰীয়ে উল্লেখ কৰে। কেৱল ভোটকেন্দ্ৰৰ ভিতৰতে নহয়, নিৰ্বাচনী প্ৰচাৰ নিষিদ্ধ থকা ‘মৌনতাৰ সময়ছোৱাতো’ তেওঁ ঘৰে ঘৰে গৈ ভোটাৰৰ সৈতে মত বিনিময় কৰা বুলি অভিযোগ উঠিছে। নিৰ্বাচনৰ সময়ত এনে কাৰ্যই গণতান্ত্ৰিক প্ৰক্ৰিয়াত ব্যাঘাত জন্মোৱাৰ লগতে নিৰ্বাচনী আইনৰ পৰিপন্থী বুলি ধৰা হয়। এই অভিযোগৰ সমৰ্থনত ইতিমধ্যে আৰক্ষীৰ ওচৰত কেইবাটাও ভিডিঅ’ আৰু ডিজিটেল প্ৰমাণ দাখিল কৰা হৈছে। বৰ্তমান পানবজাৰ আৰক্ষীয়ে নিৰ্বাচনী আইন আৰু ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাৰ অধীনত সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ভোটগ্ৰহণ শেষ হোৱাৰ পাছতেই প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে উত্থাপন হোৱা এই অভিযোগসমূহে এতিয়া সমগ্ৰ মহানগৰীতে তীব্ৰ চৰ্চা লাভ কৰিছে। অৱশ্যে এই সন্দৰ্ভত প্ৰাৰ্থী কুংকী চৌধুৰীৰ পৰা কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া এতিয়ালৈকে পোৱা হোৱা নাই। Share this:FacebookX Related Post navigation ভোটৰ আগমুহূর্তত তীব্ৰ ৰাজনীতি; অসমত তিনিটা ঠাইত প্ৰধানমন্ত্ৰীৰ মহাসভা