পূৰ্বৰ পশ্চিম গুৱাহাটী তথা নৱগঠিত জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত অঞ্চল সমূহৰ ঐতিহাসিক নামঘৰ, সত্ৰ, তীৰ্থস্থান সমুহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ আঁচনি গ্ৰহণ কৰিছে। সেই আঁচনিৰ অধীনত আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত আগচিয়া গাঁৱৰ ঠেংলাপাৰাত থকা ঐতিহাসিক শ্ৰী শ্ৰী গোপীনাথ পিতা নামঘৰ চৌহদৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ  তৎপৰতাত দুখন আঁচনি ক্ৰমে – অসম দৰ্শনৰ অধীনত ডেৰ লাখ টকা আৰু মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ অধীনত পাঁচ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱা হৈছে।

২৬ ফেব্ৰুৱাৰীৰ দিনা মাংগলিক কাৰ্যৰ মাজেৰে দুয়োখন আঁচনিৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে। এই উপলক্ষে ৰামচাৰাণী আঞ্চলিক পঞ্চায়তৰ সদস্যা গীতাঞ্জলি ভূঞাই আঁত ধৰা অনুষ্ঠানত ভাষণ প্ৰসংগত হেমন্ত চৌধুৰীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ জালুকবাৰী সমষ্টিত অন্তৰ্ভুক্ত হোৱা অঞ্চলসমূহৰ উন্নয়নৰ বাবে কেনে ধৰণৰ আঁচনি গ্ৰহণ কৰা হৈছে তাৰ আলোকপাত কৰে আৰু সমষ্টিবাসীৰ সুখে-দুখে সদায় ডঃ হিমন্ত বিশ্ব শৰ্মা থাকিব বুলি ব্যক্ত কৰে।

আনহাতে আঁচনি দুখন যাতে সফলভাৱে ৰূপায়ন হয় তাৰ ওপৰত চকু ৰাখিবলৈ উপস্থিত সকলোকে তেওঁ আহ্বান জনায়। অনুষ্ঠানত  ৰামচাৰাণী জিলা পৰিষদৰ সদস্য কুশল দাস, আগচিয়া গাওঁ উন্নয়ন সমিতিৰ সভাপতি কুশল কলিতা , মাজিৰগাওঁ গাওঁ পঞ্চায়তৰ সদস্যদ্বয় ধীৰাজ ভূঞা আৰু বলেন বৈশ্য, শ্ৰী শ্ৰী গোপীনাথ পিতা নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সূৰ্য কলিতা , সম্পাদক  কিশোৰ কলিতাকে ধৰি কেবাজনো কৰ্মকৰ্তা আৰু অঞ্চলটোৰ শতাধিক লোক উপস্থিত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *