অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুক লৈ আৰম্ভ হৈছে এতিয়া ৰাজ্যত তীব্ৰ ৰাজনৈতিক বাকযুদ্ধ। মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুক কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত অন্তৰ্ভুক্ত কৰি ভোটৰ ৰাজনীতি কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। জুবিন গাৰ্গ অসমীয়াৰ হৃদয়ৰ মাজত সদায় এক বিশেষ স্থানত আছে আৰু তেওঁৰ নাম ভোট বিচাৰিবলৈ ব্যৱহাৰ কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

কংগ্ৰেছৰ এই পদক্ষেপক এক ক্ষমাৰ অযোগ্য অপৰাধ বুলি অভিহিত কৰে ড° হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, “যদি তেওঁলোকে সঁচাকৈয়ে ন্যায় বিচাৰে, তেন্তে আদালতত অধিবক্তা নিয়োগ কৰি গোচৰটো তৰ্ক কৰিব পাৰে। আৱেগৰ এনে ৰাজনীতিৰ বিৰুদ্ধে নিৰ্বাচনত জনসাধাৰণে উচিত প্ৰত্যুত্তৰ দিব বুলি মই নিশ্চিত।” পূৰ্বৰ চৰকাৰৰ দিনত দুৰ্নীতি আৰু অদক্ষতাৰ বাবেই এনে গোচৰত ন্যায় লাভত বিলম্ব হৈছিল বুলিও তেওঁ লগতে কয়।

কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে ১০০ দিনৰ ভিতৰত ন্যায় প্ৰদান কৰাৰ যি প্ৰতিশ্ৰুতি দিছে, তাক লৈও মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰে। তেওঁৰ ভাষ্য অনুসৰি, এই গোচৰৰ অভিযুক্ত একাংশ ব্যক্তিৰ সৈতে কংগ্ৰেছ নেতাৰ ঘনিষ্ঠ সম্পৰ্ক আছে। বৰ্তমানৰ চৰকাৰে ইতিমধ্যে দ্ৰুতবেগী আদালত গঠন কৰি শুনানিৰ ব্যৱস্থা কৰিছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয়, “আমাৰ চৰকাৰে কেইমাহমানৰ ভিতৰতে, সম্ভৱতঃ ১০০ দিনৰ ভিতৰতে এই গোচৰটো নিষ্পত্তি হোৱাৰ বাট মুকলি কৰিছে।”

আনহাতে সামাজিক মাধ্যমত প্ৰচাৰিত ভিডিঅ’ৰ উদ্ধৃতি দি মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াক এক বৃহৎ ষড়যন্ত্ৰৰ অংশ বুলি দাবী কৰে। ৰাষ্ট্ৰীয় পৰ্যায়ত তথা কংগ্ৰেছ ৱৰ্কিং কমিটীত এই বিষয়টো উত্থাপন কৰাৰ চেষ্টাক তেওঁ ‘লেতেৰা ৰাজনীতি’ বুলি অভিহিত কৰে। নিজৰ স্থিতি স্পষ্ট কৰি তেওঁ কয় যে তেওঁ শিল্পীগৰাকীৰ মৃত্যুক লৈ ৰাজনীতি কৰিব নিবিচাৰে আৰু শ্ৰদ্ধা নিবেদনৰ বাবেহে তেওঁৰ জুবিন ক্ষেত্ৰলৈ যাব। ৰাজনৈতিক লাভৰ বাবে সংবাদ মাধ্যমক লৈ এনেদৰে প্ৰচাৰ চলোৱা কংগ্ৰেছ নেতাসকলক তেওঁ তীব্ৰ ভাষাৰে সমালোচনা কৰে।

উল্লেখ্য যে, যোৱা বছৰৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সাঁতুৰি থকা অৱস্থাতে হৃদক্ৰিয়া বন্ধ হৈ জুবিন গাৰ্গৰ মৃত্যু হৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অসমতে এক চাঞ্চল্যৰ সৃষ্টি হৈছিল আৰু এক উচ্চস্তৰীয় তদন্তৰ দাবী উত্থাপন হৈছিল। বৰ্তমান চৰকাৰে গঠন কৰা বিশেষ তদন্তকাৰী দলে ইতিপূৰ্বে কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে আৰু সমগ্ৰ বিষয়টো বৰ্তমান ন্যায়ালয়ৰ বিচৰাধীন হৈ আছে।

অসমীয়া সংগীত জগতৰ এই অপূৰণীয় ক্ষতিৰ পাছত এতিয়া নিৰ্বাচনৰ প্ৰাকক্ষণত আৰম্ভ হোৱা এই বিতৰ্কই ৰাজ্যৰ ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে। চৰকাৰী পক্ষই গোচৰটোৰ নিৰপেক্ষ তদন্তৰ আশ্বাস দি থকাৰ বিপৰীতে বিৰোধীয়ে ইয়াক নিৰ্বাচনী ইস্তাহাৰত স্থান দি ন্যায়ৰ প্ৰতিশ্ৰুতি দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *