কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত নতুনত্ব একোৱেই নাই। শনিবাৰে জাগীৰোডত এক নিৰ্বাচনী প্ৰচাৰ চলাই বিৰোধী কংগ্ৰেছ আৰু ৰাইজৰ দলৰ নেতা অখিল গগৈক এইদৰে তীক্ষ্ণ সমালোচনা কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই। বিজেপি চৰকাৰে চলাই থকা জনকল্যাণমূলক আঁচনিসমূহক সামান্য সালসলনি কৰি কংগ্ৰেছে কেৱল ‘কপি-পেষ্ট’ কৰিছে বুলিও তেওঁ কটাক্ষ কৰে।

অখিল গগৈক লক্ষ্য কৰি মন্ত্ৰী হাজৰিকাই কয়, “মই অখিল গগৈক সুধিব বিচাৰোঁ যে তেওঁলোকৰ কাল্পনিক চৰকাৰে ঋণ ল’ব নে নলয়? চৰকাৰে ঋণ ল’লে আমাক সমালোচনা কৰা সকলে এই কথাটো স্পষ্ট কৰা উচিত।” পঞ্জাৱ, হিমাচল প্ৰদেশ বা কৰ্ণাটকৰ দৰে বিৰোধী শাসিত ৰাজ্যসমূহেও ঋণ লৈয়েই চৰকাৰ চলাই আছে বুলি তেওঁ যুক্তি দৰ্শায়। তেওঁৰ মতে, ৰাজ্য চলোৱাৰ বাবে ঋণ লোৱাটো এক প্ৰক্ৰিয়াৰ অংশ আৰু ইয়াক লৈ বিৰোধীয়ে কৰা অভিযোগ ভিত্তিহীন।

অৰুণোদয় আঁচনিৰ প্ৰসংগ টানি আনি মন্ত্ৰীগৰাকীয়ে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে। তেওঁ অভিযোগ কৰে যে যদি কোনো ভৱিষ্যত চৰকাৰে বাংলাদেশী মূলৰ লোকক অৰুণোদয়ৰ দৰে আঁচনিৰ সুবিধা দিবলৈ বিচাৰে, তেন্তে ৰাজ্যৰ বিত্তীয় ব্যৱস্থা ভাঙি পৰিব। কংগ্ৰেছৰ প্ৰতিশ্ৰুতিসমূহক সমালোচনা কৰি তেওঁ কয়, “বিজেপিয়ে ৩,০০০ টকা দিছে, তেওঁলোকে বেছি দিম বুলি কৈছে। বিজেপিয়ে আয়ুষ্মান কাৰ্ড দিছে, তেওঁলোকেও সেই একেই কথা কৈছে। ইয়াত নতুনত্ব কি আছে?”

হিমাচল প্ৰদেশৰ উদাহৰণ দি মন্ত্ৰী হাজৰিকাই কংগ্ৰেছৰ শাসনকালক তীব্ৰ সমালোচনা কৰে। তেওঁৰ মতে, হিমাচলত কংগ্ৰেছ চৰকাৰে মন্ত্ৰী-বিধায়কক দৰমহা দিবলৈকো সক্ষম হোৱা নাই। এইটোৱেই কংগ্ৰেছৰ প্ৰকৃত আৰ্হি বুলি অভিহিত কৰি তেওঁ সমষ্টিবাসীক সজাগ হ’বলৈ আহ্বান জনায়। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপিৰ এই আক্ৰমণাত্মক স্থিতি এতিয়া ৰাজনৈতিক মহলত চৰ্চাৰ বিষয় হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *