ৰাজনৈতিক তৎপৰতাৰ মাজতে দেওবাৰে ডিব্ৰুগড়ত কংগ্ৰেছৰ ‘সময় পৰিৱৰ্তনৰ যাত্ৰা’ই এক ব্যাপক জনজোৱাৰৰ সৃষ্টি কৰে। এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত নাহৰকটীয়া, দুলীয়াজান আৰু টিংখং সমষ্টিত উলিওৱা এই পদযাত্ৰা আৰু বাইক ৰেলীত হাজাৰ হাজাৰ সমৰ্থকে অংশগ্ৰহণ কৰে। আগন্তুক নিৰ্বাচনৰ পূৰ্বে জনসম্পৰ্ক বৃদ্ধিৰ লক্ষ্যৰে উলিওৱা এই যাত্ৰাই উজনি অসমৰ ৰাজনৈতিক বতাহত এক নতুন মাত্ৰা প্ৰদান কৰিছে।

নাহৰকটীয়াত ৰাইডঙীয়া নামঘৰত আশীৰ্বাদ লৈ গৌৰৱ গগৈয়ে এই যাত্ৰাৰ শুভাৰম্ভ কৰে। বিভিন্ন ধৰ্মীয় অনুষ্ঠান দৰ্শন কৰাৰ লগতে তেওঁ চাহ জনজাতীয় লোক, কৃষক আৰু অইল ইণ্ডিয়াৰ কৰ্মীসকলৰ সৈতেও মত-বিনিময় কৰে। এই যাত্ৰাৰ সময়ত সমৰ্থকসকলৰ ‘আলিবাতি জ্বলাই দিম, বৰপীৰা পাৰি দিম, এইবাৰ কংগ্ৰেছ চৰকাৰ আনি দিম’ শ্লোগানে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে।

জনসভা সম্বোধন কৰি গৌৰৱ গগৈয়ে কয়, “জাত-পাত আৰু ধৰ্মৰ ঊৰ্ধ্বত গৈ সকলো সম্প্ৰদায়ক একগোট কৰি আমি এক নতুন বৃহত্তৰ অসম গঢ়িবলৈ বদ্ধপৰিকৰ” তেওঁ লগতে কয়, “কংগ্ৰেছ চৰকাৰ আহিলে মহিলাসকলে কোনো দলীয় সভাত নোযোৱাকৈয়ে বেংক একাউণ্টত চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব।”

গৌৰৱ গগৈৰ সৈতে এই যাত্ৰাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰ আৰু ৰিপুণ বৰাৰ দৰে জ্যেষ্ঠ নেতাসকলো উপস্থিত থাকে। দেওবাৰৰ এই সফল কাৰ্যসূচীৰ পাছত সোমবাৰে তিনিচুকীয়া জিলাৰ মাকুম, ডুমডুমা আৰু মাৰ্ঘেৰিটাত এই যাত্ৰা অব্যাহত থাকিব বুলি এপিচিচি সূত্ৰই প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *