বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পাছতেই এতিয়া তীব্ৰ অন্তঃকন্দলত জৰ্জৰিত হৈ পৰিছে বিৰোধী কংগ্ৰেছ দল। বিশেষকৈ লাহৰীঘাট সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ সৃষ্টি হোৱা সংঘাতৰ পৰিপ্ৰেক্ষিতত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এতিয়া দলত্যাগৰ ভাবুকি প্ৰদান কৰিছে। এগৰাকী বিধায়কৰ ঘনিষ্ঠ লোকে তেওঁৰ ওপৰত চলোৱা আক্ৰমণৰ বিৰুদ্ধে দলে কোনো ব্যৱস্থা নোলোৱাত ক্ষুব্ধ হৈ সাংসদগৰাকীয়ে পোনপটীয়াকৈ হাইমণ্ডক পত্ৰ প্ৰেৰণ কৰিছে।

দলৰ নিখিল ভাৰতীয় সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙলৈ প্ৰেৰণ কৰা এখন পত্ৰত সাংসদ বৰদলৈয়ে নিজৰ ক্ষোভ উজাৰে। পত্ৰখনত তেওঁ উল্লেখ কৰিছে যে লাহৰীঘাটৰ বিধায়ক আছিফ নজৰৰ ঘনিষ্ঠ এজন লোকে তেওঁক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল। ইমান গুৰুতৰ অভিযোগৰ পাছতো সংশ্লিষ্ট বিধায়কগৰাকীক দলৰ মজিয়াত আৰু নেতৃত্বৰ কাষত প্ৰাধান্য দিয়া কাৰ্যই তেওঁক মৰ্মাহত কৰি তুলিছে। বিশেষকৈ গৌৰৱ গগৈৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি সাংসদগৰাকীয়ে কয় যে আক্ৰমণকাৰীক গুৰুত্ব দি সভাপতিগৰাকীয়ে জ্যেষ্ঠ নেতাক অপমান কৰিছে।

সাংসদ বৰদলৈয়ে ইতিমধ্যে নিৰ্বাচনী সমিতিৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধীৰ লগতে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেকো এই সমগ্ৰ বিষয়টো অৱগত কৰিছে। পত্ৰখনত তেওঁ স্পষ্টকৈ জনাইছে যে যদিহে দলত তেওঁৰ আত্মসন্মান অটুট নাথাকে আৰু অভিযুক্তক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰা নহয়, তেন্তে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিবলৈ কুণ্ঠাবোধ নকৰে। নিৰ্বাচনৰ প্ৰাকক্ষণত এজন জ্যেষ্ঠ সাংসদৰ এনে হুংকাৰে এতিয়া কংগ্ৰেছ শিবিৰত জোকাৰণিৰ সৃষ্টি কৰিছে।

ইফালে, কংগ্ৰেছৰ দ্বিতীয়খন তালিকা প্ৰকাশ পোৱাৰ পাছতেই বহু কেইজন জ্যেষ্ঠ নেতাই প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছে। ইয়াৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দলটোৰ মাজত বিদ্ৰোহৰ সৃষ্টি হোৱা দেখা গৈছে। টিকট নাপাই বহুজনে দলত্যাগ কৰাৰ যো-জা চলোৱাৰ মাজতে প্ৰদ্যুৎ বৰদলৈৰ দৰে জ্যেষ্ঠ নেতাৰ এই স্থিতিৰ বাবে এতিয়া নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত এক গভীৰ সংকটৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *