ৰাজ্যৰ খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষাৰ প্ৰশ্ন উত্থাপন কৰি আজি কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেৰগাঁৱত ৰাজ্য চৰকাৰৰ হিতাধিকাৰী আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে খিলঞ্জীয়াৰ পক্ষত নে ‘মিঞা’ সমাজৰ পক্ষত আছে, সেই কথা স্পষ্ট কৰিবলৈ দাবী জনায়। তেওঁ অভিযোগ কৰে যে গগৈৰ নেতৃত্বত বৰ্তমানৰ কংগ্ৰেছ দলটোৰ আদৰ্শ আৰু সাংগঠনিক চৰিত্ৰৰ আমূল পৰিৱৰ্তন ঘটিছে।

ৰাজ্যৰ ভূমি আৰু জনগাঁথনিৰ ওপৰত পৰা হেঁচাৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই অভিযোগ কৰে যে অনুপ্ৰৱেশৰ ফলত অসমৰ প্ৰায় ৩২ লাখ বিঘা ভূমি বেদখলৰ কৱলত পৰিছে। তেওঁ কয়, “পূৰ্বতে এনে ধৰণৰ সংস্থাপন কেৱল বৰপেটা বা ধুবুৰীৰ দৰে অঞ্চলতে আছিল, কিন্তু এতিয়া দুলীয়াজান আৰু মাৰ্ঘেৰিটাৰ দৰে ঠাইলৈকো ই সম্প্ৰসাৰিত হৈছে।” যদি এই ধাৰা অব্যাহত থাকে তেন্তে খিলঞ্জীয়া লোকসকল ক’লৈ যাব বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক হৈ দাবী কৰে যে বৰ্তমান কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অসম বিৰোধী শক্তিৰ প্ৰভাৱ বৃদ্ধি পাইছে। তেওঁৰ মতে, ৰিপুণ বৰা বা ভূপেন বৰাৰ সময়ত এনে পৰিস্থিতি নাছিল, কিন্তু এতিয়া গগৈৰ নেতৃত্বত দিল্লীৰ বাওঁপন্থী নেতাৰ অনুগামীসকলে দলটোক পৰিচালিত কৰিছে। তেওঁ বিশেষকৈ আমান ৱাদুদ নামৰ এজন ব্যক্তিৰ নাম উল্লেখ কৰি অভিযোগ কৰে যে এনে লোকসকলে অসমৰ ইতিহাস আৰু পৰিচয়ৰ বিৰুদ্ধে বিভ্ৰান্তিকৰ ধাৰণা প্ৰচাৰ কৰিছে।

কংগ্ৰেছৰ চ’ছিয়েল মিডিয়া কোষক সমালোচনা কৰি শৰ্মাই কয় যে তেওঁলোকৰ কাম এতিয়া কেৱল তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাটোহে হৈ পৰিছে। ইয়াৰ উপৰি গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত পাকিস্তান সম্পৰ্কীয় অভিযোগসমূহ ৰাজ্যিক কেবিনেটত আলোচনা কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। আনহাতে, আসন বুজাবুজিৰ সন্দৰ্ভত তেওঁ কয় যে বিজেপি আৰু অগপৰ মাজত দেৰগাঁও সমষ্টিৰ দৰে বিষয়সমূহ শান্তিপূৰ্ণ আলোচনাৰ মাধ্যমেৰে সমাধান কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *