অসম প্ৰদেশ কংগ্ৰেছৰ পৰা বিদায় লোৱাৰ সিদ্ধান্তৰ পৰা অৱশেষত কিছু জিৰণি লৈছে ভূপেন বৰাই। পুৱা তেওঁ দলৰ সকলো দায়িত্বৰ পৰা অব্যাহতি বিচাৰি পত্ৰ প্ৰেৰণ কৰাৰ পাছতে ৰাজ্যিক কংগ্ৰেছত হাহাকাৰৰ সৃষ্টি হৈছিল। অৱশ্যে দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বৰ তৎপৰতাত তেওঁৰ অভিমান ভংগ কৰাটো কিছু সম্ভৱ হৈ উঠিছে।

ভূপেন বৰাৰ পদত্যাগৰ খবৰ বিয়পি পৰাৰ লগে লগে লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈ আৰু অসম কংগ্ৰেছৰ প্ৰভাৰী জিতেন্দ্ৰ সিং বৰাৰ বাসগৃহত উপস্থিত হয়। দীৰ্ঘ সময় ধৰি চলা এই মৰাথন বৈঠকৰ মাজতে ৰাহুল গান্ধীয়েও বৰাৰ সৈতে প্ৰায় ১৫ মিনিট ধৰি টেলিফোনিক বাৰ্তালাপ কৰে। দলৰ একতা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত হাইকামাণ্ডে বৰাক বুজাবলৈ সক্ষম হয়।

সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত গৌৰৱ গগৈয়ে কয় যে ভূপেন বৰা কংগ্ৰেছ দলৰ বাবে এক ডাঙৰ সম্পদ। যদি কোনো কাৰণত তেওঁৰ মনত আঘাত লাগিছিল, তেন্তে এজন ভাই হিচাপে তেওঁ ক্ষমা বিচাৰিবলৈও কুণ্ঠাবোধ নকৰে। গগৈয়ে বৰাক এজন শক্তিশালী নেতা বুলি অভিহিত কৰি একেলগে নিৰ্বাচন যুঁজাৰ সংকল্প লয়।

আনহাতে প্ৰভাৰী জিতেন্দ্ৰ সিঙে জনোৱা মতে, বৰাৰ পদত্যাগ পত্ৰ ৰাষ্ট্ৰীয় সভাপতিয়ে গ্ৰহণ কৰা নাই। ই আমাৰ পৰিয়ালৰ আভ্যন্তৰীণ বিষয় আছিল আৰু আলোচনাৰ জৰিয়তে সকলো সমস্যা সমাধান কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। উল্লেখ্য যে, পদত্যাগৰ চৰ্চা চলি থকাৰ মাজতে ভূপেন বৰাক অখিল গগৈৰ দল আৰু আনকি বিজেপিয়েও আমন্ত্ৰণ জনাইছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *