আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰতা বৃদ্ধি কৰি এই মাহৰ শেষৰ ফালে প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ পোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। বুধবাৰে এখন সংবাদমেল সম্বোধন কৰি গগৈয়ে জানিবলৈ দিয়ে যে কেন্দ্ৰীয় নেতৃত্বই ইতিমধ্যে ফেব্ৰুৱাৰী মাহৰ ভিতৰতে প্ৰথমখন তালিকা চূড়ান্ত কৰিবলৈ নিৰ্দেশ দিছে। প্ৰথম পৰ্যায়ত প্ৰায় ৮০ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলিও তেওঁ ইংগিত দিয়ে।

বৃহস্পতিবাৰৰ পৰা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাৰ দুদিনীয়া অসম ভ্ৰমণৰ ঠিক পূৰ্বে গগৈৰ এই ঘোষণা বিশেষভাৱে গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। অসমৰ দায়িত্বত থকা প্ৰিয়ংকাই ভ্ৰমণকালত স্ক্ৰীনিং কমিটিৰ সদস্যসকলৰ সৈতে আলোচনাত মিলিত হৈ নিৰ্বাচনী কৌশল আৰু প্ৰাৰ্থী নিৰ্বাচনৰ প্ৰক্ৰিয়াটো পৰ্যবেক্ষণ কৰিব। ইয়াৰ উপৰি তেওঁ দলৰ জ্যেষ্ঠ নেতা, সাংসদ, বিধায়ক আৰু জিলা সভাপতিসকলৰ সৈতেও পৃথকে পৃথকে বৈঠকত বহিব।

গৌৰৱ গগৈয়ে লগতে উল্লেখ কৰে যে বিৰোধী ঐক্য মঞ্চৰ মিত্ৰদলসমূহৰ সৈতে আসন বুজাবুজিৰ আলোচনাও বৰ্তমান অব্যাহত আছে। ১২৬খন আসনৰ অসম বিধানসভাৰ নিৰ্বাচন মাৰ্চ-এপ্ৰিল মাহত অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বৰ্তমান শাসকীয় বিজেপি আৰু ইয়াৰ সহযোগী দলসমূহৰ তুলনাত কংগ্ৰেছৰ শক্তি বৃদ্ধিৰ লক্ষ্যৰে এইবাৰ আগতীয়াকৈ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰি নিৰ্বাচনী পথাৰত নামিবলৈ সাজু হৈছে দলটো।

Leave a Reply

Your email address will not be published. Required fields are marked *