অসম ভ্ৰমণলৈ আহি জুবিন বন্দনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ । শুকুৰবাৰে কংগ্ৰেছ নেত্ৰীগৰাকী উপস্থিত হয় সোণাপুৰস্থিত জুবিন গাৰ্গ সমাধি ক্ষেত্ৰত । প্ৰাণৰ শিল্পীগৰাকীৰ অন্তিম শয়নস্থলীত উপস্থিত হৈ জুবিন গাৰ্গৰ প্ৰতি থকা তেওঁৰ সন্মান আৰু আদৰ প্ৰদৰ্শন কৰে । জুবিন ক্ষেত্ৰত উপস্থিত হৈয়েই প্ৰিয়ংকা গান্ধীয়ে প্ৰাণৰ শিল্পীগৰাকীলৈ সেৱা জনায় । তেওঁ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে অসমৰ সাংস্কৃতিক জগতত জুবিন গাৰ্গৰ অৱদানৰ শলাগ লয় ।

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয়,”মই আমাৰ কাৰ্যকৰ্তাসকলক কৈছোঁ যে, জুবিন গাৰ্গ একপ্ৰকাৰে অসমৰ আত্মাৰ কণ্ঠ আছিল, অসমৰ অভিব্যক্তি আছিল । অসমৰ যি সভ্যতা তাৰ বিষয়ে জুবিন গাৰ্গে গাইছিল । তেওঁৰ যিসমূহ গীত আছিল এটাও গানত এইটো নাছিল যে তেওঁক হিংসা কৰক, এও তোমাৰ শত্ৰু, ইয়াক মাৰ । প্ৰত্যেকটো গীতত এইটোৱেই উল্লেখ কৰিছিল যে প্ৰেম, একতা, অসমৰ ঐতিহ্য, অসমৰ সংস্কৃতি, অসমৰ সভ্যতা, অসম কি হয় ।”

Leave a Reply

Your email address will not be published. Required fields are marked *