পুনৰ প্ৰদেশ কংগ্ৰেছত অন্তৰ্কন্দল। আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হয় উত্তপ্ত পৰিস্থিতিৰ। জানিব পৰা মতে, কমলপুৰ সমষ্টিৰ একাংশ কংগ্ৰেছ কৰ্মীয়ে ৰাজীৱ ভৱন ভিৰ কৰাৰ পাছতেই এই পৰিস্থিতিৰ সৃষ্টি হয়।২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰাজনৈতিক দলসমূহে ৰণনীতি প্ৰস্তুত কৰিছে। কিন্তু পূৰ্বৰ দৰে এতিয়াও কংগ্ৰেছৰ ব্যস্ত আছে অন্তৰ্কন্দলত। বৃহস্পতিবাৰ (৪ ছেপ্টেম্বৰ)য়ে গুৱাহাটীৰ ৰাজীৱ ভৱনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। জানিব পৰা মতে, সদ্য অগপ ত্যাগী সত্যব্ৰত কলিতাৰ বিৰোধিতাৰে একাংশ কংগ্ৰেছ কৰ্মীয়ে ভিৰ কৰে গুৱাহাটীৰ ৰাজীৱ ভৱন। আনকি একাংশৰ মাজত হতাহতিৰ দৰে ঘটনাও সংঘটিত হয়। ইফালে এইসকল কংগ্ৰেছ কৰ্মী নহ’বও পাৰে বুলি বিস্ফোৰক মন্তব্য কৰে দেৱব্ৰত শইকীয়াই।ইয়াৰ পাছতে এই ঘটনাৰ ওপৰত এতিয়া প্ৰতিক্ৰিয়া ব্যক্তি কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। তেওঁ কয় যে, সত্যব্ৰত শইকীয়া কোন দলত যোগদান কৰিব আমি নাজানো। অসমত বহুত দল আছে। ইয়াৰোপৰি ৰাজীৱ ভৱনত যি পৰিস্থিতি উদ্ভৱ হৈছে তাত বিজেপি কৰ্মী জড়িত হৈ থাকিব পাৰে বুলিও তেওঁ সন্দেহ কৰে। তেওঁ কয় যে,”এওঁলোক কংগ্ৰেছ কৰ্মী নহ’বও পাৰে। কিয়নো আমি শেহতীয়াকৈ বিজেপি চৰকাৰে কাৰ ওপৰত জাৰি কৰা নতুন নিৰ্দেশনাৰ বিৰোধিতা কৰি আছো। এনে পৰিস্থিতি এই ইচ্ছুটো তল পেলাবলৈ বিজেপিয়ে এয়া ষড়যন্ত্ৰ কৰিব পাৰে”।

Leave a Reply

Your email address will not be published. Required fields are marked *