আসন্ন বিধানসভা নিৰ্বাচনত ৰাজ্যত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে (এন ডি এ) অতি সহজতে ক্ষমতা দখল কৰিব বুলি শুকুৰবাৰে এক সাক্ষাৎকাৰত দৃঢ়তাৰে প্ৰকাশ কৰে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই। কেবিনেট মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা দহ বছৰত ৰাজ্যত হোৱা অভূতপূৰ্ব উন্নয়নৰ বাবে ৰাইজে পুনৰ মিত্ৰজোঁটক নিৰ্বাচিত কৰিব। অৱশ্যে বিজেপিৰ সৈতে আসন বুজাবুজিৰ আনুষ্ঠানিক আলোচনা এতিয়াও আৰম্ভ হোৱা নাই বুলি তেওঁ স্বীকাৰ কৰে।

অগপৰ সভাপতিগৰাকীয়ে আশা প্ৰকাশ কৰে যে নিৰ্বাচন ঘোষণাৰ পূৰ্বেই আসন ভাগ-বতৰাৰ সকলো আনুষ্ঠানিকতা সম্পন্ন হ’ব। বৰ্তমান ৰাজ্যৰ জনগাঁথনিৰ পৰিৱৰ্তনৰ বাবে কোনো আঞ্চলিক দলেই অকলশৰে চৰকাৰ গঠন কৰাটো কঠিন বুলি উল্লেখ কৰি তেওঁ কয় যে অগপই আঞ্চলিকতাবাদৰ মূল আদৰ্শ ত্যাগ কৰা নাই। তেওঁলোকৰ লক্ষ্য হ’ল ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ সৈতে এক “প্ৰগতিশীল আঞ্চলিকতাবাদ”। অগপৰ শক্তি বহু সমষ্টিত বৃদ্ধি পাইছে আৰু প্ৰতিটো সমষ্টিতে দলৰ শিপা মজবুত হৈ আছে বুলিও তেওঁ দাবী কৰে।

অসম চুক্তি ৰূপায়ণৰ প্ৰসংগত বৰাই কয় যে পূৰ্বৰ দুটা কাৰ্যকালত কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাৰ অভাৱত বহু কাম কৰিব পৰা হোৱা নাছিল। কিন্তু বৰ্তমান পৰিস্থিতি সলনি হৈছে আৰু চুক্তিৰ কেইবাটাও দফা ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে। বিশেষকৈ ৪০ বছৰৰ পাছত শ্বহীদ স্মাৰক নিৰ্মাণ আৰু চুবুৰীয়া ৰাজ্যৰ সৈতে উন্নত সম্পৰ্ক স্থাপনক তেওঁ মিত্ৰজোঁট চৰকাৰৰ সফলতা হিচাপে অভিহিত কৰে।

চাহ জনজাতিৰ প্ৰসংগ টানি বৰাই কয় যে এসময়ত কংগ্ৰেছৰ ভোটবেংক হিচাপে পৰিচিত চাহ বাগানৰ শ্ৰমিকসকলে এতিয়া এন ডি এৰ জনকল্যাণমূলক আঁচনিৰ সুফল লাভ কৰিছে। ভূমিৰ পট্টা প্ৰদানৰ পৰা আৰম্ভ কৰি বিদ্যালয় স্থাপনলৈকে বিভিন্ন কামে বাগান অঞ্চলত বিজেপি-অগপৰ স্থিতি সবল কৰি তুলিছে। অৱশ্যে বিজেপিৰ সৈতে মিত্ৰতা থকাৰ বাবে সংখ্যালঘু বসতিপূৰ্ণ অঞ্চলত অগপৰ বাবে ভোট লাভ কৰাটো কিছু কঠিন হ’ব পাৰে বুলি তেওঁ স্পষ্টকৈ স্বীকাৰ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *