জালুকবাৰীত মই নোযোৱাকৈয়ে এক লাখ ভোটৰ ব্যৱধানত জিকিম! -মাজুলীত উপস্থিত হৈ বৃহস্পতিবাৰে এইদৰে এক তীব্ৰ নিৰ্বাচনী হুংকাৰ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজাই মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীৰ ৰাইজক বিজেপিক ঢালি-বাকি ভোট দিবলৈ আহ্বান জনায়। নদী দ্বীপটোত কেইবাটাও অভিলাষী প্ৰকল্পৰ শুভ উদ্বোধন কৰি তেওঁ স্পষ্ট কৰি দিয়ে যে মাজুলীক অসমৰ ভিতৰতে এক বিকশিত অঞ্চল হিচাপে গঢ়ি তুলিবলৈ হ’লে ৰাইজে বিজেপি বিধায়কক বিপুল ভোটত জয়ী কৰোৱাটো প্ৰয়োজন।

মাজুলীত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰাৰ লগতে সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শৈক্ষিক ভৱন, জিলা আয়ুক্তৰ কাৰ্যালয় আৰু মাজুলী-লখিমপুৰ সংযোগী দলঙৰ শুভ উদ্বোধন কৰে। ইয়াৰ উপৰিও মাজুলীবাসীৰ দীৰ্ঘদিনীয়া সপোন যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ কামৰো তেওঁ আনুষ্ঠানিক শুভাৰম্ভ কৰে। এই অনুষ্ঠানতে ভাষণ দি ড০ শৰ্মাই ঘোষণা কৰে যে মাজুলীৰ শিক্ষাৰ্থীৰ সুবিধাৰ্থে সাংস্কৃতিক বিশ্ববিদ্যালয়ত অতি সোনকালে কলা আৰু বিজ্ঞান শাখাৰ পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব।

চৰকাৰী আঁচনিসমূহৰ সফল ৰূপায়ণৰ খতিয়ান দি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত এতিয়া কোনো ধন নিদিয়াকৈয়ে মেধাৰ ভিত্তিত চৰকাৰী চাকৰি লাভ কৰাটো সম্ভৱ হৈছে। ছাত্ৰীসকলৰ বাবে “নিযুত মাইনা” আঁচনিৰ সফলতাৰ পাছত চলিত মাহৰ পৰাই ছাত্ৰসকলৰ বাবে “নিযুত বাবু” আঁচনি কাৰ্যকৰী হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁৰ লক্ষ্য হ’ল অহা পাঁচ বছৰত অসমৰ প্ৰতিগৰাকী মহিলাক “লাখপতি বাইদেউ” হিচাপে গঢ়ি তোলা আৰু ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নত তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰা।

মাজুলীৰ এই ভ্ৰমণৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰস্তুতিৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। য’তেই সুবিধা পাইছে তাতেই তেওঁ ৰাইজক চৰকাৰৰ উন্নয়নমূলক কামৰ বতৰা দি মিত্ৰজোঁটৰ পক্ষত থিয় দিবলৈ আহ্বান জনাইছে। বিশেষকৈ মাজুলী-যোৰহাট সংযোগী দলঙৰ কামে জিলাখনৰ সামগ্ৰিক যাতায়ত আৰু অৰ্থনীতিৰ ছবিখন সম্পূৰ্ণ সলাই পেলাব বুলি চৰকাৰী পক্ষই দাবী কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *