আগন্তুক বিধানসভা নিৰ্বাচনৰ মিত্ৰতাৰ অংকক লৈ বৰপেটা ৰোডৰ ৰাজীৱ ভৱনত বুধবাৰে সূত্ৰপাত ঘটে এক উত্তাল পৰিৱেশৰ। ভৱানীপুৰ-সৰভোগ সমষ্টিটো মিত্ৰতাৰ খাতিৰত ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) চমুকৈ চিপিআই(এম)ক এৰি দিয়াৰ সম্ভাৱনা প্ৰকট হোৱাৰ পাছতেই ক্ষুব্ধ কংগ্ৰেছ কৰ্মীসকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। দলীয় কৰ্মীসকলে স্পষ্টকৈ জনাই দিছে যে যদিহে এই সমষ্টিত কংগ্ৰেছে নিজা প্ৰাৰ্থী প্ৰক্ষেপ নকৰে, তেন্তে তেওঁলোকে গণ পদত্যাগৰ দৰে চৰম পন্থা ল’বলৈ বাধ্য হ’ব।

কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই মিত্ৰতাৰ খাতিৰত পুনৰবাৰ এই আসনখন চিপিআই(এম)ক এৰি দিব বুলি জানিব পৰাৰ পাছতেই কৰ্মীসকলৰ মাজত তীব্ৰ অসন্তুষ্টিয়ে দেখা দিছে। বছৰ বছৰ ধৰি সমষ্টিটোত কংগ্ৰেছৰ ভেটি শক্তিশালী কৰা তৃণমূল কৰ্মীসকলৰ বাবে এই সিদ্ধান্ত এক ‘বিশ্বাসঘাটকতা’ বুলি অভিহিত কৰিছে প্ৰতিবাদকাৰীসকলে। তেওঁলোকৰ মতে, মিত্ৰতাৰ নামত বাৰে বাৰে আসন ত্যাগ কৰাৰ ফলত তৃণমূল পৰ্যায়ত দলৰ সাংগঠনিক গাঁথনি দুৰ্বল হৈ পৰিছে।

বৰপেটা ৰোডৰ ৰাজীৱ ভৱনত সমবেত হোৱা শ শ কৰ্মীয়ে মিত্ৰজোঁটৰ বিৰুদ্ধে শ্লোগান দি আকাশ-বতাহ কঁপাই তোলে। বৰ্তমানৰ বিধায়ক মনোৰঞ্জন তালুকদাৰক ভৱানীপুৰ-সৰভোগ সমষ্টিত সমৰ্থন দিয়াৰ খবৰটোৱেই এই প্ৰতিবাদৰ মূল কাৰণ হৈ পৰিছে। এগৰাকী প্ৰতিবাদকাৰীয়ে সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰি কয়, “২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত মনোৰঞ্জন তালুকদাৰে কংগ্ৰেছৰ সৈতে বিশ্বাসঘাটকতা কৰিছিল।” তেওঁ লগতে কয়, “আমি কোনো কাৰণতে তেওঁক মানি নলওঁ আৰু সমষ্টিটোত আমাৰ নিজা প্ৰাৰ্থীহে বিচাৰোঁ।”

প্ৰতিবাদকাৰীসকলৰ অভিযোগ যে সমষ্টিটোত চিপিআই(এম)ৰ কোনো শক্তিশালী সাংগঠনিক ভিত্তি নাই আৰু তেনে পৰিপ্ৰেক্ষিতত আসনখন এৰি দিয়াৰ অৰ্থ হ’ল কংগ্ৰেছৰ কষ্টোপাৰ্জিত ভেটিটো আনক বিলাই দিয়া। তেওঁলোকে সঁকিয়াই দিছে যে যদিহে চিপিআই(এম)ক এই আসনখন এৰি দিয়াৰ আনুষ্ঠানিক ঘোষণা কৰা হয়, তেন্তে ভৱানীপুৰ-সৰভোগৰ প্ৰতিখন মণ্ডল কমিটিয়ে নিৰ্বাচনৰ পূৰ্বে সমূহীয়াভাৱে পদত্যাগ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *