গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ১৩ ছেপ্টেম্বৰত  আৰ্হি নিৰ্মাণ আৰু উদ্ভাৱনৰ ওপৰত এদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন হয় । শিক্ষা মন্ত্ৰালয়ৰ উদ্ভাৱন কোষ (এম আই চি), কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড (চি বি এছ ই) আৰু বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সহযোগত সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ এ আই চি টি ই )ৰ উদ্যোগত অনুষ্ঠিত কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ  ২৫খন বিদ্যালয়ৰ পৰা অহা প্ৰায় ৭০ গৰাকী শিক্ষকে ভাগ লয়।

আই আই টি বম্বে, জেলো লেবছ, ছানচিটি ৱৰ্ল্ড স্কুল আৰু ন’ডছৰ ৰাষ্ট্ৰীয় বিশেষজ্ঞসকলৰ নেতৃত্বত সম্পন্ন হোৱা এই কাৰ্যসূচীত  শিক্ষকসকলক নৱতম চিন্তাৰ নীতিসমূহক বিদ্যালয়ৰ পাঠ্যক্ৰমত কেনেকৈ একত্ৰিত কৰিব পাৰি তাৰ ব্যৱহাৰিক জ্ঞান প্ৰদান কৰা হয়।

কাৰ্যসূচীত আই আই টি,  বম্বেৰ আই ডি চি স্কুল অৱ ডিজাইনৰ অধ্যাপক ৰবি পূৱাইয়া ,  গুৰুগ্ৰামৰ ছানচিটি ৱৰ্ল্ড স্কুলৰ শিক্ষাবিদ ৰূপা চক্ৰৱৰ্তী ,  শিক্ষা সংস্থা ন’ডছৰ প্ৰতিষ্ঠাপক প্ৰবক্তা কুলকাৰ্ণী ,  শিক্ষা মন্ত্ৰালয়ৰ উদ্ভাৱন কোষৰ  আশীষ ত্ৰিপাঠী ,  জেলো লেবছৰ সঞ্চালক ড০ অজন্তা সেনে সমল ব্যক্তি হিচাপে ভাগ লৈ  নিজ নিজ বিষয়ত ভাষণ প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *