গুৰুজনাৰ অপূৰ্ব সৃষ্টি আপুৰুগীয়া বৃন্দাবনী বস্ত্র অসমলৈ অনাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে শনিবাৰে লণ্ডন অভিমুখে ৰাওনা হৈছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । এই কথা সামাজিক মাধ্যমযোগে সদৰী কৰিলে খোদ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।দিল্লী বিমান বন্দৰৰ পৰা ফেচবুক লাইভযোগে মুখ্যমন্ত্রীয়ে কয়, “পোন্ধৰশ শতিকাৰ শেষৰফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৰনাৰায়ণৰ অনুৰোধত বৃন্দাবনী বস্ত্র সাজি উলিয়াইছিল । এই বৃন্দাবনী বস্ত্রখন আমাৰ অসমৰ ইতিহাসৰ সভত্যাৰ এক অমূল্য অংগ । আমি বহুতে বৃন্দাবনী বস্ত্রৰ বিষয়ে শুনিছো আৰু পঢ়িছো । ইয়াৰ ছবিও দেখিবলৈ পাইছো । কিন্তু বিগত পাঁচশ বছৰ কালত আমাৰ কোনো এটা প্ৰজন্মই এই বৃন্দাবনী বস্ত্রখন সন্মুখৰ পৰা দেখা নাই । অৱশ্যে যিসকলে কেতিয়াবা লণ্ডন বা পেৰিছৰ মিউজিয়ামত গৈছে সেইটো সুকীয়া কথা । যোৱা কেইবছৰ মান আগতে ময়ো লণ্ডনৰ মিউজিয়ামত এই পবিত্র বৃন্দাবনী বস্ত্রভাগ দৰ্শন কৰিছিলো ।বৃন্দাবনী বস্ত্ৰক অসমলৈ ঘূৰাই অনাৰ বাবে ১৬ নৱেম্বৰত ব্ৰিটিছ মিউজিয়ামৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিব অসম চৰকাৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *