ৰাজ্য চৰকাৰে বহুবিবাহ সম্পূৰ্ণ নিষিদ্ধ কৰি তোলাৰ লক্ষ্যৰে নতুন বিধেয়ক গৃহীত কৰিছে। অৰ্থাৎ এতিয়া ৰাজ্যত বহুবিবাহ কৰিলেই সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ। কেবিনেট বৈঠকৰ পিছতে সংবাদ মেল সম্বোধন কৰি এই বিষয়ে তথ্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।তেওঁ প্ৰকাশ কৰা মতে, এই বিধেয়কখন আইনত পৰিণত হোৱাৰ পিছত একাধিকবাৰ বিবাহপাশত আৱদ্ধ হোৱা লোকসকলে সাত বছৰ সশ্ৰম কাৰাদণ্ড ভুগিব লাগিব। লগতে এই আইন কাৰ্যকৰী হোৱাৰ পিছত দোষীৰ বিৰুদ্ধে জামিনবিহীন গোচৰ ৰুজু কৰা হ’ব বুলিও তেওঁ তথ্য প্ৰকাশ কৰিছে। Share this:FacebookX Related Post navigation বাজাজ ফিনচাৰ্ভ এচেট মেনেজমেণ্ট লিমিটেডে বেংকিং আৰু বিত্তীয় সেৱা পুঁজি মুকলি কৰাৰ কথা ঘোষণা কৰিছে পলকৰ নাম গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈছে