চাৰে ন’ বছৰ বিধায়ক হৈ শেষত পাঁচ-ছয় মাহৰ বাবে মন্ত্রিত্ব । তথাপি সুখী চৰণ বড়ো ।মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভাত আজিৰে পৰা নতুনকৈ অন্তৰ্ভুক্ত হ’ল আন এগৰাকী মন্ত্রী । তেওঁ হৈছে বি পি এফৰ মাজবাটৰ বিধায়ক চৰণ বড়ো । হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নতুন মন্ত্ৰী হিচাপে আজি ৰাজভৱনত চৰণ বড়োৱে শপত গ্ৰহণ কৰে ।শপত বাক্য পাঠ কৰোৱাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই । চৰণ বড়োৱে ইংৰাজীতে শপত বাক্য পাঠ কৰে ।উল্লেখ্য যে অসম চৰকাৰৰ মন্ত্রীসভাত নতুন মন্ত্রীৰূপে শপত গ্ৰহণ কৰা চৰণ বড়োক পৰিবহণ বিভাগৰ দায়িত্ব দিয়া হৈছে । চৰণ বড়োক পৰিবহণ দপ্তৰৰ দায়িত্ব দিয়াৰ কথাটো বিশেষভাৱে চৰ্চাত আছিল । পূৰ্বে মন্ত্রী যোগেন মহনৰ দায়িত্বত আছিল পৰিবহণ বিভাগ । এই দায়িত্ব চৰণ বড়োক দিয়াৰ পাছত মন্ত্রী যোগেন মহনক লোকনিৰ্মাণ (পথ), ৰাষ্ট্ৰীয় ঘাইপথৰ দায়িত্ব দিয়া হয় । ইয়াৰ পূৰ্বে এই দায়িত্ব মুখ্যমন্ত্রীৰ হাতত আছিল । Share this:FacebookX Related Post navigation সোণাপুৰৰ হাতীমূৰাত নিৰলে শুই থকা স্বামীৰ কাষত বহি উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গ শ্ৰীভূমি আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৬ কোটি টকাৰ নিচাযুক্ত সামগ্ৰী