এইবাৰ কোনকেইটা সমষ্টিত কংগ্ৰেছত গণ্ডগোল হ’ব তাৰো হিচাপে দিলে মুখ্যমন্ত্ৰীয়ে । বুদ্ধিজীৱীকো জনালে প্ৰত্যাহ্বান ।সমাগত অসমৰ বিধানসভা নিৰ্বাচন । শাসক-বিৰোধীয়ে ইতিমধ্যে নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে । বিশেষকৈ বিজেপিয়ে অসমৰ প্ৰতিটো প্ৰান্ততে সাংগঠনিক কামকাজ কেনেদৰে চলিছে তাৰ পৰ্যালোচনা কৰিছে । একেদৰে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতো ঠায়ে ঠায়ে আৰম্ভ হৈছে । তাৰ মাজতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা ।আনহাতে এই ক্ষেত্ৰত কংগ্ৰেছক তুলনা কৰি তেওঁ কয়,”কংগ্ৰেছ চাউল-পানী অসমত নাই । একো বাকী নাই । কংগ্ৰেছে ২২ খন আসনত নিৰ্বাচন খেলিব । তাতেই ঘূৰা-ঘুৰি কৰি থাকিব । প্ৰাৰ্থীসকলৰ পৰা পইচা উঠাব । ইতিমধ্যে প্ৰাৰ্থীসকলক ইংগিত দিছে যে ১ কোটি আগধন দিয়ক আৰু ৩ কোটি পিছত দিব লাগিব । মিঞা সমষ্টিত যিমান প্ৰাৰ্থী আছে তাৰ পৰা ধামখুম পইচা উঠাব । আগতে উঠাইছিল । এইবাৰ গণ্ডগোল লাগিব কংগ্ৰেছত ।” কোন কেইটা সমষ্টিত এই প্ৰক্ৰিয়া চলিব তাৰো নাম ক’লে মুখ্যমন্ত্ৰীয়ে । তেওঁৰ মতে সৃজনগ্ৰাম, বাঘবৰ, মন্দিয়া, দলগাঁও, চমৰীয়া আদি ২২ টা সমষ্টিত এইধৰণৰ কাৰ্যকলাপ চলিব । Share this:FacebookX Related Post navigation ভাৰতৰ ইভি বজাৰখন পুনৰ সংজ্ঞায়িত কৰি ৪০০ দিনৰ ভিতৰত ৫০ হাজাৰ ইউনিট বিক্ৰী কৰে এম জি উইণ্ডছৰে পাকিস্তানত সংঘটিত হৈছে ভয়ংকৰ আত্মঘাতী আক্ৰমণৰ ঘটনা