নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে ৷ নিৰ্বাচনৰ পূৰ্বে মঙলবাৰে ৰাজ্য চৰকাৰে চমক সৃষ্টিৰে এক অভিলেখ ৰচনা কৰিলে ৷ একেদিনাই আৰু প্ৰায় একে সময়তে ৰাজ্যৰ ৪০ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাল ৰাজকোষৰ ৩৬০০ কোটি টকা ৷

অৰুণোদয়ৰ ৪০ লাখ হিতাধিকাৰীক মঙলবাৰে ৯ হাজাৰ টকাকৈ বেংক একাউণ্টৰ জৰিয়তে দিয়া হয় ৷ ইয়াৰ পূৰ্বে একেদিনাই একেসময়ত ইমান বৃহৎ পৰিমাণৰ পুঁজি ৰাজ্য চৰকাৰে কেতিয়াও হস্তান্তৰ কৰা নাছিল ৷ সেই হিচাপত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এক অভিলেখ সৃষ্টি কৰিলে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *