বৈষ্ণোদেৱী মন্দিৰৰ পিছত এইবাৰ সমীপৱৰ্তী ৰামবানত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ । ইফালে ৰিয়াছিৰ ভূমিস্খলনতো নিহত কেবাজনো লোক ৷ আৰম্ভ উদ্ধাৰ অভিযান ।ডাৱৰ বিস্ফোৰণ, বৰষুণ, ভূমিস্খলনে বিভিন্ন অঞ্চলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে । তাৰ মাজতে শনিবাৰে পুৱা পুনৰ জম্মু-কাশ্মীৰৰ ৰামবান জিলাত ডাৱৰ বিস্ফোৰণৰ খবৰ আহিছে ।ইতিমধ্যে প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে আৰু কৰ্তৃপক্ষই নিৰুদ্দেশ হোৱা লোকসকলক বিচাৰি আছে । লগতে ডাৱৰৰ বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক তাৎক্ষণিকভাৱে সকাহ দিয়াৰ ব্যৱস্থাও কৰিছে । কেৱল জম্মু-কাশ্মীৰে নহয় উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্য শেহতীয়াকৈ প্ৰকৃতিৰ ৰোষত পৰিছে । ধাৰাসাৰ বৰষুণৰ ফলত কৃত্ৰিম বান আৰু ভূমিস্খলনৰ ফলত জীৱন আৰু সম্পত্তিৰ ব্যাপক ক্ষতি হৈছে । এনে পৰিস্থিতিতো তীৰ্থযাত্ৰাৰ অনুমতি দিয়াৰ বাবে বিভিন্নজনে চৰকাৰ তথা জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাক সমালোচনা কৰিছে Share this:FacebookX Related Post navigation কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজভৱনৰ নৱনিৰ্মাণিত ব্ৰহ্মপুত্ৰ উইং উদ্বোধন কৰে অসমীয়াই স্বচক্ষে দেখা পাব বৃন্দাবনী বস্ত্ৰ