গুৱাহাটীৰ এক নম্বৰ ৱাৰ্ডৰ গাড়ীগাঁও নবোদয়া মহিলা সমিতিৰ সদস্যাসকলে স্বচ্ছ ভাৰত কাৰ্যসূচীৰ অংশ হিচাপে গাড়ীগাঁৱৰ ঐতিহাসিক শ্ৰী শ্ৰীশ্যামৰায় গোসাঁইঘৰৰ এক চাফাই অভিযান চলায় । মহিলা সমিতিৰ উপদেষ্টা ডঃ দীপামণি বৰুৱা দাসে আঁত ধৰা চাফাই অভিযানৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক তথা শিল্পী উমেশ চন্দ্ৰ দাস আৰু শ্যামৰায় গোসাঁইঘৰৰ মুখ্য পাঠক ধনেশ্বৰ চন্দ্ৰ দাসে । ভাষণ প্ৰসংগত উমেশ চন্দ্ৰ দাসে মহিলা সমিতিৰ এনে কাৰ্যক প্ৰশংসা কৰে আৰু স্বচ্ছতাই শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ লগতে সমাজখনৰ উন্নতিৰ শিখৰত উপনীত হোৱাত সহায়ক হ’ব বুলি উল্লেখ কৰে। আন এগৰাকী উদ্বোধক ধনেশ্বৰ চন্দ্ৰ দাসে চমু ভাষণত নামঘোষাৰ স্তৱকেৰে অনুষ্ঠানটিৰ সফলতা কামনাৰে প্ৰাৰ্থনা জনায়। আনহাতে চাফাই অভিযানত ভাগ লোৱা মহিলাসকলে হাতে হাতে ঝাৰু লৈ শ্যামৰায় গোসাঁইঘৰৰ পৰা আৰম্ভ কৰি শ্লুইচগেটলৈকে চাফ চিকুণ কৰে। মহিলা সমিতিখনে প্ৰতি দেওবাৰে এই চাফাই কৰ্ম চলাই যাব বুলি সিদ্ধান্ত গ্ৰহণ কৰে ।কাৰ্যসূচীৰ অন্তত মহিলা সমিতিৰ সভানেত্ৰী দীপিকা দাস আৰু সম্পাদিকা মঞ্জু বৈশ্যই সকলোৱে আন্তৰিকতাৰে কাৰ্যসূচী ৰূপায়ণ কৰাত সহায়- সহযোগিতা আগবঢ়োৱা বাবে শলাগ লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *