আজি ২৫ ডিচেম্বৰ। খ্ৰীষ্টান ধৰ্মীয় লোকসকলে অতি উলহ-মালহেৰে উদযাপন কৰিছে বৰদিন । বিশেষ দিনটোত ৰাজ্য়ৰ প্ৰতিটো প্ৰান্তৰ গীৰ্জাঘৰত শুনিবলৈ পোৱা গৈছে কেৰ’লৰ ধ্বনি । কেৱল খ্ৰীষ্টান ধৰ্মীয় লোকেই নহয় সকলো লোকেই এই বৰদিনৰ আনন্দৰ অংশ হৈ পৰে । ইফালে খ্ৰীষ্টামাছ ট্ৰি, উপহাৰ আৰু উৎসৱৰ খাদ্যৰ সংগ্ৰহ কৰাৰ বাবে গ্ৰাহকে ভিৰ কৰা বজাৰবোৰো ব্যস্ত হৈ পৰিছে। খ্ৰীষ্টান ধৰ্মীয় লোকসকলে বিশ্বাস কৰে যে, আজিৰ দিনটোতে যীশুখ্ৰীষ্টৰ জন্ম হৈছিল । যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে আজিৰ দিনটোত পালন কৰা হয় বৰদিন । Share this:FacebookX Related Post navigation ভয়ংকৰ দুৰ্ঘটনা কেইবাখনো জিলা আযুক্তৰ সাল-সলনি