তিনিজন মহাকাশচাৰীক কঢ়িয়াই নিয়া এখন চীনা মহাকাশযান ছয় ঘণ্টাৰ যাত্ৰাৰ পিছত তিয়ানগং মহাকাশ কেন্দ্ৰত উপস্থিত হৈছে।এই যুৱ মহাকাশচাৰীসকলৰ ভিতৰত দেশৰ প্ৰথম মহিলা মহাকাশ অভিযন্তাও অন্তৰ্ভুক্ত আছে। এইটো চীনৰ নিজা মহাকাশ কেন্দ্ৰ। ইয়াত মহাকাশচাৰীসকলে পৰৱৰ্তী ছয় মাহৰ বাবে পৰীক্ষা-নিৰীক্ষা আৰু মহাকাশত খোজ কাঢ়িব। চীনৰ লক্ষ্য হৈছে ২০৩০ চনৰ ভিতৰত ইয়াৰ পৰা এই অভিজ্ঞতা আৰু তথ্য সংগ্ৰহ কৰি চন্দ্ৰলৈ মানৱ প্ৰেৰণ কৰা। চীনে শেনঝৌ-১৯ মহাকাশযানৰ উৎক্ষেপণ সফল বুলি বৰ্ণনা কৰিছে। চীনৰ এই প্ৰচেষ্টাৰ পৰিপ্ৰেক্ষিতত, কোৱা হৈছে যে ই মহাকাশ দৌৰত তেঁওলোকৰ প্ৰতিদ্বন্দী আমেৰিকাতকৈ আগবাঢ়িব বিচাৰে। প্ৰায় দুবছৰ আগতে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে কৈছিল যে মহাকাশ উদ্যোগৰ বিকাশ আৰু চীনক মহাকাশ শক্তি হিচাপে গঢ়ি তোলাটো এটা সপোন। এই অভিযানৰ পাইলট হৈছে কাই শুজে। তেওঁ অভিজ্ঞ কিন্তু ১৯৯০ চনত জন্ম গ্ৰহণ কৰা নতুন প্ৰজন্মৰ মহাকাশচাৰীসকলৰ সৈতে ভ্ৰমণ কৰি আছে। Share this:FacebookX Related Post navigation ইউএনআৰডব্লিউএৰ কাম-কাজ নিষিদ্ধ কৰিলে ইজৰাইলে ১১ তমবাৰৰ বাবে সেনাৰ সৈতে দীপাৱলী উদযাপন নৰেন্দ্ৰ মোদীৰ