ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে(আৰচিবি) বৃহস্পতিবাৰে তেওঁলোকৰ নতুন অধিনায়ক ঘোষণা কৰে। আই পি এল ২০২৫ৰ বাবে দলটোৰ অধিনায়কৰূপে ৰজত মনোহৰ পাতিদাৰক নিযুক্তি দিছে। যোৱা দুটা ছিজনত আৰচিবিৰ হৈ খেলি থাকোতে ৰজতৰ প্ৰদৰ্শন অসামান্য আছিল। ইফালে, ঘৰুৱা ক্ৰিকেটত তেওঁ দলটোক তেওঁৰ অধিনায়কত্বত চৈয়দ মুস্তাক আলী টুৰ্ণামেণ্টৰ ফাইনেললৈ লৈ যায়। ৰজতে যোৱা ছিজনত খেলা ১৫ খন খেলত ১৭৭ ৰ ষ্ট্ৰাইক ৰেটত ৩৯৫ ৰান সংগ্ৰহ কৰিছিল। এই ঘোষণাৰ পূৰ্বে চৰ্চা চলিছিল যে আৰচিবিয়ে আকৌ এবাৰ বিৰাট কোহলীক অধিনায়কত্ব দিব পাৰে। অৱশ্যে, অধিনায়কত্বৰ প্ৰতি বিৰাটৰ আগ্ৰহৰ অভাৱৰ বাবে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে আগন্তুক ছিজনৰ বাবে ৰজতক অধিনায়ক বনোৱাৰ সিদ্ধান্ত লৈছে। ঘৰুৱা ক্ৰিকেটত ৰজতৰ অধিনায়কত্বৰ অভিজ্ঞতা আছে, যাৰ সহায়ত তেওঁলোকে মুস্তাক আলী টুৰ্ণামেণ্টৰ ফাইনেললৈ গৈছিল। Share this:FacebookX Related Post navigation আহমেদাবাদ এদিনীয়াত ক্লিন চুইপৰ লক্ষ্যৰে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব টীম ইণ্ডিয়া ২২ মাৰ্চৰ পৰা আইপিএলৰ ১৮তম ছিজন আৰম্ভৰ সম্ভাৱনা