অসমত অনুষ্ঠিত হ’বলগীয়া দুদিনীয়া বিনিয়োগকাৰী সন্মিলনৰ প্ৰচাৰৰ বাবে সোমবাৰে ছিংগাপুৰলৈ দুদিনীয়া ভ্ৰমণসূচীৰে যাত্ৰা আৰম্ভ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এক পোষ্টত কয়- মই দুদিনৰ বাবে ছিংগাপুৰত থাকিম, য’ত মই ‘এডভাণ্টেজ আছাম’ৰ প্ৰচাৰ কৰিম, অৰ্ধপৰিবাহী, প্ৰযুক্তি, আন্তঃগাঁথনি আৰু উৎপাদনৰ দৰে ক্ষেত্ৰত ৰাজ্যৰ বৰ্ধিত সম্ভাৱনাৰ ওপৰত আলোকপাত কৰিম।

তেওঁৰ ভ্ৰমণকালত কৌশলগত সহযোগিতা আৰু বিনিয়োগৰ সুযোগ অন্বেষণৰ বাবে উদ্যোগৰ নেতৃবৃন্দৰ সৈতে এক ‘ৰোড শ্ব’ আৰু বৈঠকৰো আয়োজন কৰা হ’ব। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে উদ্যোগ আৰু উদ্ভাৱনৰ বাবে অসমক এক উদীয়মান কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ ওপৰত মুখ্য গুৰুত্ব দিয়া হ’ব। দুদিনীয়া ‘এডভাণ্টেজ আছাম ২.০ – বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন’ ২৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। ইয়াক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *