মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে সন্ধিয়া শ্বহীদ স্মাৰক উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে অসমীয়া মানুহৰ ভূমি, সংস্কৃতি আৰু পৰিচয় ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া মহান শ্বহীদসকলৰ ত্যাগ আৰু অৱদান  অসমৰ ৰাইজে শ্ৰদ্ধা আৰু সন্মানৰে স্মৰণ কৰিছে।

দীৰ্ঘদিন ধৰি এই বীৰসকলক সম্বৰ্ধনা জনোৱাৰ বাবে কোনো স্থায়ী স্মৃতিসৌধ নাছিল যদিও গুৱাহাটীত শ্বহীদ স্মাৰক নিৰ্মাণে এই ঐতিহাসিক শূন্যতা পূৰণ কৰে। শ্বহীদ স্মাৰকত প্ৰজ্বলন কৰা ‘শ্বহীদ আনল জ্যোতি’ই তেওঁলোকৰ বলিদানৰ শিখা সদায় উজ্জ্বল কৰি ৰাখিব বুলিও তেওঁ কয়।

এই চৰকাৰী প্ৰচেষ্টাই অসমৰ সংস্কৃতি আৰু অসমীয়া পৰিচয় ৰক্ষাৰ ক্ষেত্ৰত বীৰসকলৰ অৱদানক গৌৰৱেৰে স্মৰণ কৰাৰ এক নতুন অধ্যায় মুকলি কৰিছে। শ্বহীদ দিৱসৰ পূর্বে এই স্মৃতিসৌধ উদ্ধোধন অসমীয়া মানুহৰ বাবে গৌৰৱ আৰু প্রেৰণাৰ বিষয় হৈ পৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *