ভূপেন বৰাক ‘শিখণ্ডী’ সজাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছত অপমানিত হোৱাৰ অজুহাত দি বিজেপিত যোগ দিয়াটো কোনো গ্ৰহণযোগ্য যুক্তি নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জালত ভৰি দি ভূপেন বৰাই নিজৰ সমস্ত বিশ্বাসযোগ্যতা হেৰুৱাই পেলাইছে। কেৱল ক্ষমতাৰ লালসা আৰু পৰিয়ালৰ ব্যৱসায়িক সুৰক্ষাৰ বাবেই তেওঁ নিজৰ আদৰ্শ বিসৰ্জন দিছে। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ সাম্ভাব্য বিজেপি গমনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বুধবাৰে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জালত ভৰি দি ভূপেন বৰাই নিজৰ সমস্ত বিশ্বাসযোগ্যতা হেৰুৱাই পেলাইছে বুলি উল্লেখ কৰি ভূঞাই কয় যে কেৱল ক্ষমতাৰ লালসা আৰু পৰিয়ালৰ ব্যৱসায়িক সুৰক্ষাৰ বাবেই বৰাই আদৰ্শ বিসৰ্জন দিছে। তেওঁৰ মতে, কংগ্ৰেছত অপমানিত হোৱাৰ অজুহাত দি বিজেপিত যোগ দিয়াৰ কোনো গ্ৰহণযোগ্য যুক্তি থাকিব নোৱাৰে। সাংসদগৰাকীয়ে অভিযোগ কৰা মতে, নিৰ্বাচনৰ পূৰ্বে বিৰোধী শিবিৰক দুৰ্বল কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাক এতিয়া এক ‘শিখণ্ডী’ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে। মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক এজেণ্ডাক অধিক সম্প্ৰসাৰিত কৰিবলৈকে বৰাক এতিয়া নতুনকৈ ‘অতি হিন্দু’ সজাব খোজা হৈছে বুলিও তেওঁ কটাক্ষ কৰে। ভূঞাৰ ভাষ্যত, “হিমন্ত বিশ্ব শৰ্মাৰ চিত্ৰনাট্য অনুসৰি ভূপেন বৰাই এতিয়া মুছলমানক গালি পাৰি মুখ্যমন্ত্ৰীৰ দৰেই অতি হিন্দু হ’ব বিচাৰিছে, যাৰ বাবে তেওঁ ৰকিবুল হুছেইনৰ প্ৰসংগ টানি আনিছে।” ভূপেন বৰাৰ এই স্থিতিহীন চৰিত্ৰই বিৰোধীৰ কোনো ক্ষতি নকৰে বুলি দাবী কৰি ভূঞাই কয় যে বৰাই এতিয়া নিৰ্বাচনত বিজেপিৰ সাম্প্ৰদায়িক এজেণ্ডাৰ এগৰাকী ‘তাৰকা প্ৰচাৰক’ৰ ভূমিকা পালন কৰিব। ব্যক্তিগত স্বাৰ্থত চিৰবৈৰী দলৰ আদৰ্শক আকোৱালি লোৱা কাৰ্যক কঠোৰ ভাষাৰে নিন্দা কৰি তেওঁ কয় যে ৰাজনৈতিক সুবিধাবাদৰ বাবে বৰাই নিজৰ নীতি বিসৰ্জন দিছে। উল্লেখযোগ্য যে, অহা ২২ ফেব্ৰুৱাৰীত ভূপেন বৰাই আনুষ্ঠানিকভাৱে গেৰুৱা দলত যোগদান কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে। ইয়াৰ পাছতেই বিৰোধী শিবিৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ৰাজ্যৰ ৰাজনীতিত এতিয়া বিৰোধীৰ ঐক্যক লৈও বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। অজিত কুমাৰ ভূঞাৰ এই আক্ৰমণাত্মক মন্তব্যই নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক ৰাজনীতিত এক নতুন মাত্ৰা প্ৰদান কৰিছে। Share this:FacebookX Related Post navigation ৰণডংকাৰ মাজতে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা: ফেব্ৰুৱাৰীৰ শেষত প্ৰথমখন তালিকা সম্ভাৱ্য নিৰ্বাচনী তৎপৰতাৰ মাজতে প্ৰিয়ংকা গান্ধীৰ অসম আগমন; কামাখ্যাত পূজা-অৰ্চনাৰ পিছত প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াত অংশগ্ৰহণ