পদোন্নতি আৰু বদলিৰ বাবে চৰকাৰী বিভাগত হেঁচা দিবলৈ গৈ এজন ভুৱা প্ৰশাসনিক বিষয়াই শুকুৰবাৰে মধ্য প্ৰদেশৰ সচিবালয়ত প্ৰকৃত আই এ এছ বিষয়াৰ মুখামুখি হোৱাৰ এক আমোদজনক ঘটনা পোহৰলৈ আহিছে। সচিবালয়ৰ সাধাৰণ প্ৰশাসন বিভাগত সংঘটিত হোৱা এই ঘটনাত এজন যুৱকে নিজকে ২০১৯ বৰ্ষৰ আই এ এছ বিষয়া বুলি পৰিচয় দি এজন প্ৰকৃত আই এ এছ বিষয়াৰ ওপৰত বদলিৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ চেষ্টা চলায়। অৱশ্যে প্ৰকৃত বিষয়াজনে যুৱকজনৰ কথাৰ সত্যতা পৰীক্ষা কৰাৰ পিছতে তেওঁৰ মুখা খোল খাই পৰে।

জানিব পৰা মতে, যোগেন্দ্ৰ সিং চৌহান নামৰ এজন যুৱকে সচিবালয়ৰ উপ-সচিব অজয় কটেচৰিয়াৰ কাৰ্যালয়ত উপস্থিত হৈ নিজকে ইন্দোৰত কৰ্মৰত এগৰাকী এছ ডি এম বুলি পৰিচয় দিয়ে। যুৱকজনে উপ-সচিবজনৰ ওচৰত ইন্দোৰৰ পূৰ্বৰ আৰু বৰ্তমানৰ জিলা উপায়ুক্তৰ নাম লৈ নিজৰ বদলিৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে। যিহেতু তেওঁ নিজকে ২০১৯ বেচৰ আই এ এছ বিষয়া বুলি কৈছিল, সেয়েহে সন্দেহবশতঃ উপ-সচিব কটেচৰিয়াই লগে লগে আই এ এছ বিষয়াসকলৰ জ্যেষ্ঠতাৰ তালিকাখন পৰীক্ষা কৰে আৰু দেখে যে তাত তেনে কোনো ব্যক্তিৰ নাম নাই।

বিষয়াজনে লগে লগে সচিবালয়ৰ নিৰাপত্তা বিষয়া আৰু আৰক্ষীক খবৰ দিয়ে। আৰক্ষী উপস্থিত হৈ যুৱকজনক সোধা-পোছা কৰাৰ লগতে তেওঁৰ পৰা আধাৰ কাৰ্ড আৰু কিছু নথিপত্ৰ উদ্ধাৰ কৰে। যদিও এই ঘটনাৰ পিছত সচিবালয়ৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন উঠিছে, নিৰাপত্তা বিষয়া অবিনাশ শৰ্মাই জনায় যে প্ৰৱেশ পত্ৰ দিয়াৰ সময়ত যুৱকজনৰ হাতত কোনো আপত্তিজনক সামগ্ৰী নথকাৰ বাবে তেওঁক বাধা দিব পৰা নগ’ল।

ধৃত যুৱকজন ইন্দোৰৰ খাতিপুৰাৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে। অৱশ্যে আৰক্ষীৰ জিম্মাত থকা যুৱকজনৰ পৰিয়ালে দাবী কৰিছে যে তেওঁ দীৰ্ঘদিন ধৰি মানসিক ৰোগত আক্ৰান্ত হৈ আছে। বৰ্তমান আৰক্ষীয়ে সমগ্ৰ বিষয়টো তদন্ত কৰি আছে আৰু যুৱকজনে ইয়াৰ পূৰ্বে এনেদৰে আন কাৰোবাক প্ৰতাৰণা কৰিছে নেকি সেই দিশটো পৰীক্ষা কৰি থকা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *