ঘন কুঁৱলীৰ বাবে মঙলবাৰে পুৱা যমুনা এক্সপ্ৰেছৱে’ত এক ভয়ংকৰ বাহনৰ সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত ৪ জন লোক নিহত হোৱাৰ লগতে ২৫ জনতকৈ অধিক লোক আহত হয় বুলি এজন আৰক্ষী বিষয়াই জানিবলৈ দিছে। পুৱা প্ৰায় ৪:৩০ বজাত আগ্ৰাৰ পৰা নয়ডা অভিমুখী এক্সপ্ৰেছৱে’ৰ পথত কমেও সাতখন বাছ আৰু কেইবাখনো সৰু বাহনৰ মাজত সংঘৰ্ষ ঘটে।

এই ঘটনাটো বলদেৱ আৰক্ষী থানাৰ এলেকাত সংঘটিত হৈছে। মথুৰাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্লোক কুমাৰে জনায় যে কম দৃশ্যমানতাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়।

ইফালে, এই ভয়াবহ দুৰ্ঘটনাৰ পিছতে অগ্নিকাণ্ড সংঘটিত হয় কেইবাখনো বাহনত। যাৰ ফলত আহতৰ সংখ্যা বৃদ্ধি পায়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ আহত আটাইকেইজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *