নতুনকৈ ৮৫ খন কেন্দ্ৰীয় বিদ্যালয় প্ৰতিষ্ঠা কৰিব কেন্দ্ৰীয় চৰকাৰৰে। শুকুৰবাৰে কেন্দ্ৰীয় কেবিনেটত দেশত ৮৫ খন কেন্দ্ৰীয় বিদ্যালয় আৰু ২৮ খন নবোদয় বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লয়। কেবিনেট বৈঠকৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদ মেলত কয় যে চৰকাৰে নতুনকৈ ৮৫ খন নতুন কেন্দ্ৰীয় বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লয়। বৰ্তমানলৈ ১২৫৬ খন কাৰ্যকৰী কেন্দ্ৰীয় বিদ্যালয় (কেভি) আছে। ইয়াৰে ৩খন বিদেশত ক্ৰমে মস্কো, কাঠমাণ্ডু আৰু তেহৰাণত আছে। মুঠ কেভিবোৰত মুঠ ১৩.৫৬ লাখ (প্ৰায়) শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে নতুন শিক্ষা নীতি ৰূপায়ণৰ বাবে কেন্দ্ৰীয় বিদ্যালয়সমূহত প্ৰধানমন্ত্ৰী শ্ৰী যোজনা কাৰ্যকৰী কৰা হৈছে, যিটো নতুন বিদ্যালয়সমূহতো ৰূপায়ণ কৰা হ’ব। কেবিনেটে নবোদয় বিদ্যালয় আঁচনিৰ অধীনত দেশৰ বঞ্চিত জিলাসমূহত ২৮ খন নতুন নবোদয় বিদ্যালয় স্থাপনত অনুমোদন জনাইছে। তেওঁ কয় যে ২০২৪-২৫ বৰ্ষৰ পৰা ২০২৮-২৯ বৰ্ষলৈ পাঁচ বছৰৰ ভিতৰত ২৮ খন নবোদয় বিদ্যালয় স্থাপনৰ বাবে মুঠ ২৩৫৯.৮২ কোটি টকাৰ প্ৰয়োজন। ইয়াত ১৯৪৪.১৯ কোটি টকাৰ মূলধন ব্যয় উপাদান আৰু ৪১৫.৬৩ কোটি টকাৰ পৰিচালনা ব্যয় অন্তৰ্ভুক্ত আছে। নতুন ২৮ খন নবোদয় বিদ্যালয়ৰ ভিতৰত অৰুণাচল প্ৰদেশৰ ৮ খন জিলাত, অসমৰ ৬ খন জিলাত, মণিপুৰৰ ৩ খন জিলাত, কৰ্ণাটকৰ এখন জিলাত, মহাৰাষ্ট্ৰৰ এখন জিলাত, তেলেংগানাৰ ৭ খন জিলাত, পশ্চিম বংগৰ দুখন জিলাত স্থাপন হ’ব। আনহাতে, নতুন ৮৫ খন কেন্দ্ৰীয় বিদ্যালয় (কেভি) অন্ধ্ৰ প্ৰদেশ, অসম, ছত্তীশগড়, গুজৰাট, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড, মধ্য প্ৰদেশ, কৰ্ণাটক, কেৰালা, উত্তৰ প্ৰদেশ, ত্ৰিপুৰা, তামিলনাডু, ৰাজস্থান, উত্তৰাখণ্ড, উৰিষ্যা, মহাৰাষ্ট্ৰ আৰু দিল্লীত নিৰ্মাণ কৰা হ’ব। Share this:FacebookX Related Post navigation কৃষকে লাভ কৰিব গেৰাণ্টিবিহীন ২ লাখ টকালৈকে ঋণ গৌৰী নন্দন শইকীয়াৰ উপন্যাস ‘পুনে ডায়েৰী’ উন্মোচন