কৃত্ৰিম বুদ্ধিমত্তা বা এআই প্ৰযুক্তিৰ ক্ৰমবৰ্ধমান অপব্যৱহাৰে নাৰীৰ মৰ্যাদা আৰু সামাজিক পৰিৱেশৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে। ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ৰ জেনেৰেটিভ এআই চাটবট ‘গ্ৰক’-ৰ জৰিয়তে অশ্লীল সমল প্ৰস্তুত কৰাৰ ভয়ংকৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ পাছতে ভাৰত চৰকাৰে কোম্পানীটোলৈ এক বিশেষ জাননী প্ৰেৰণ কৰে। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জাৰি কৰা এই নিৰ্দেশত ‘গ্ৰক এআই’ৰ জৰিয়তে সৃষ্টি হোৱা সকলো আপত্তিজনক সমল অবিলম্বে আঁতৰাবলৈ কোৱাৰ লগতে সমগ্ৰ প্ৰযুক্তিটোৰ পুনৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে, যোৱা কেইদিনমান ধৰি একাংশ ব্যৱহাৰকাৰীয়ে ‘গ্ৰক’ৰ সহায়ত মহিলাৰ আলোকচিত্ৰ বিকৃত কৰি অশ্লীল ৰূপত উপস্থাপন কৰাৰ তথ্য পোহৰলৈ আহিছে। বিশেষকৈ অনুমতি অবিহনে কোনো মহিলাৰ পোছাক পৰিৱৰ্তন কৰি অধিক উত্তেজক ৰূপত প্ৰদৰ্শন কৰাৰ দৰে কাৰ্যই দেশৰ তথ্য প্ৰযুক্তি আইনক চৰম উলংঘন কৰে। এই ভয়াৱহ ট্ৰেণ্ড ৰোধ কৰিবলৈ চৰকাৰে ‘এক্স’ কৰ্তৃপক্ষক আগন্তুক ৭২ ঘণ্টাৰ ভিতৰত বিতং প্ৰতিবেদন দাখিল কৰিবলৈ সময়সীমা বান্ধি দিয়ে। লক্ষ্যণীয় যে, ২০২৫ চনৰ অন্তিম সপ্তাহত কেন্দ্ৰীয় মন্ত্ৰালয়ে জাৰি কৰা নতুন পৰামৰ্শৱলীৰ পাছতে এই পদক্ষেপ গ্ৰহণ কৰা হয়। চৰকাৰে স্পষ্ট কৰি দিয়ে যে কোনো প্লেটফৰ্মে যদি অবৈধ বা অশ্লীল সমল আঁতৰাবলৈ ব্যৰ্থ হয়, তেন্তে তেওঁলোকে ভাৰতীয় আইনৰ অধীনত কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব। অনাগত ৭২ ঘণ্টাৰ ভিতৰত ইলন মাস্কৰ নেতৃত্বাধীন কোম্পানীটোৱে গ্ৰহণ কৰা পদক্ষেপৰ ওপৰতে এতিয়া দেশত এই সেৱাৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। Share this:FacebookX Related Post navigation চৰকাৰী যোগানৰ বিষাক্ত পানী সেৱন কৰি ১৬ জনৰ মৃত্যু! প্ৰশাসনৰ গাফিলতিৰ বলি হ’ল শতাধিক লোক জুবিন গাৰ্গক চিৰযুগমীয়া কৰি ৰখাৰ প্ৰথমটো খোজ