বৰপেটা সত্ৰত নন্দোৎসৱ উপলক্ষে পুৱাৰ নাম-প্ৰসঙ্গত চৰণ,যুগল পটল আৰু শিশুলীলাৰ ঘোষা গোৱা হয় ৷ তাৰ পিছত ‘ভাগৱত’ আৰু ‘পাঠ’পঢ়া হয় ৷ প্ৰসঙ্গৰ অন্ত হোৱাৰ পিছত গায়ন-বায়নে গুৰু আসনৰ সন্মুখত ‘গুৰুঘাত’ বজাই পৰিতাল,ৰূপক,মানজ্যোতি আদি তালত শ্যাম আৰু ললিত ৰাগত দুটাকৈ পুৱাৰ গীত গাই গোপাল আতা বিৰচিত ‘জন্মযাত্ৰা’ নাটখন ৰূপায়ন কৰে ৷

সত্ৰৰ পাঠকে গুৰু আসনৰ সন্মুখত পুণৰ নাম-প্ৰসঙ্গ আৰাম্ভ কৰে ৷ শিশুলীলাৰ ঘোষা গাই প্ৰথমে গুৰু আসনৰ চাৰিওফালে তিনি বাৰ প্ৰদক্ষিণ কৰি পশ্চিম দুৱাৰেদি পাঠক সমন্বিতে ভকত সকল ওলাই আহি শিশুলীলাৰ ” কেশৱ কৃষ্ণ কৰুণা সিন্ধু”, “হে কৰুণাময়,ৰামকৃষ্ণ ও হৰি ৰামকৃষ্ণ”আদি ঘোষা গাই কীৰ্ত্তন ঘৰৰ চাৰিওফালে সাতবাৰ প্ৰদক্ষিণ কৰি মঠৰ চোতালত নাম সম্বৰণ কৰে ৷

নাম গাই কীৰ্ত্তন ঘৰ প্ৰদক্ষিণ কৰি থকা সময়ত মঠৰ চোতালৰ শ্ৰীৰাম আতাৰ ভিঠিত থকা নাদৰ পানীৰে ভকতসকলক স্নান কৰোৱা হয় ৷ এই ধৰ্মীয় কাৰ্যৰ সমান্তৰালভাৱে সত্ৰৰ ‘টুপৰ চোতাল’ত আন এক লৌকিক অনুষ্ঠান সম্পন্ন হয় ৷ টুপৰ চোতালত বোকা-পানী, মিঠাতেলেৰে লুতুৰি-পুতুৰি হৈ শিশু,কিশোৰ, যুৱক সকলে অনুষ্ঠিত কৰে “পেকযাত্ৰা”৷

প্ৰবাদ মতে,ভাটি বয়সত পুত্ৰ সন্তান লাভ কৰি নন্দৰাজে শ্ৰীকৃষ্ণৰ জন্মৰ পিছদিনা এক উৎসৱ পাতিছিল আৰু প্ৰজাসকলে মনৰ আনন্দতে ইজনে সিজনৰ গা লৈ বোকা ছটিয়াই আনন্দোৎসৱ কৰিছিল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *