উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ক্ষেত্রৰ বিশিষ্ট ব্যক্তিক সন্মান জনোৱাৰ উদ্দেশ্যে ব্যতিক্রম গ্রুপৰ উদ্যোগত “মির্চি এক্সেলেন্স এৱার্ড ২০২৫”। ৪ জুলাইৰ সন্ধিয়া ৫ বজাৰ পৰা গুৱাহাটীৰ বেডিছন ব্লু হোটেলত আয়োজিত হয় এই বিশেষ সম্বর্ধনা অনুষ্ঠান। এই অনুষ্ঠানত উত্তৰ-পূবৰ বিভিন্ন ক্ষেত্রত অৱদান আগবঢ়োৱা শীর্ষস্থানীয় ব্যক্তিত্ব, শিল্পী, উদ্যোগপতি, সমাজকর্মী আৰু প্রতিভাৱান ব্যক্তিসকলৰ এক উদযাপনৰ সাক্ষী হৈ ৰ’ল সমগ্র অসম। ভাৰতৰ উত্তৰ-পূর্বাঞ্চলৰ প্ৰতিভাক স্বীকৃতি আৰু বিভিন্ন প্রান্তৰ বিশিষ্ট ব্যক্তিক সন্মান জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা হয় “মির্চি এক্সেলেন্স এৱার্ড ২০২৫”ৰ। ৪ জুলাইৰ সন্ধিয়া ৫ বজাৰ পৰা গুৱাহাটীৰ বেডিছন ব্লু হোটেল প্রাংগনত অনুষ্ঠিত হয় বৰ্ণিল এই অনুষ্ঠান। য’ত উপস্থিত আছিল বিভিন্ন ক্ষেত্রত অৱদান আগবঢ়োৱা শীর্ষস্থানীয় ব্যক্তিত্ব, শিল্পী, উদ্যোগপতি, সমাজকর্মী আৰু উদ্যমী ব্যক্তিসকল। এই অনুষ্ঠানত বলিউডৰ খ্যাতনামা অভিনেত্রী সীমা বিশ্বাস, অসমৰ ‘কমেডি কুইন’ চেতনা দাস, জনপ্রিয় অভিনেতা তথা পৰিচালক যতীন বৰা আৰু ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নির্মাতা ৰিমা দাসে উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে। লগতে অনুষ্ঠানত উপস্থিত আছিল ড০ নচিকেতা ত্রিপাঠী, লায়ন পংকজ কুমাৰ পোদ্দাৰ, ৰেখা দাস, পি. এছ, বেস্তি, নিকুমণি বৰুৱা, অমৰেশ বয়, ৰাজীৱ কৃষ্ণ ভট্টাচার্য, মির্চি গুৱাহাটীৰ ষ্টেচন হেড প্রতীপ দাস আৰু ব্যতিক্রম গ্ৰুপৰ অধ্যক্ষ ড০ সৌমেন ভাৰতীয়। ড০ সৌমেন ভাৰতীয়ই কয় যে, “প্রতিভা, সংস্কৃতি আৰু সৃষ্টিশীলতাৰ বৈচিত্র্যপূর্ণ সম্পদেৰে ভৰপূৰ উঃ-পূব ভাৰত। এইসমূহ কেৱল এই অঞ্চলৰ গৌৰৱ নহয়, সমগ্র ভাৰতবৰ্ষৰ গৌৰৱ। এই অনন্য কৃতিত্বসমূহক স্বীকৃতি প্ৰদান কৰি উজলাই তোলাৰ আন্তৰিক প্রয়াসেই হৈছে মির্চি এক্সেলেন্স এৱার্ড। এই বঁটা প্ৰদান অনুষ্ঠান এজনতে সীমাৱদ্ধ নহয়। এই বঁটা প্ৰদান অনুষ্ঠান হৈছে এনে এখন মঞ্চ, য’ত সংগ্রাম, সফলতা আৰু সপোনৰ জীৱন্ত কাহিনীবোৰ আগস্থান পায়। আজিৰ এই সন্ধিয়াই তেনে অলেখ আৰু ইতিবাচক কাহিনী আলোকিত কৰিছে”। অনুষ্ঠানৰ আৰম্ভণিতে মির্চি গুৱাহাটীৰ প্রগ্রামিং হেড প্রিয়াংকী শইকীয়াই আদৰণি ভাষণ প্রদান কৰে। ইয়াৰ পিছতেই জাতীয় আৰু ৰাজ্যিক সংগীত পৰিৱেশনৰ লগতে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰা হয়। উস্তাদ বিছমিল্লাহ খান যুৱ বঁটা বিজয়ী শিল্পী জলিমণি শইকীয়াৰ নেতৃত্বত সত্ৰীয়া ভোৰতাল নৃত্যই সকলোকে মুগ্ধ কৰিলে। এই বৰ্ণিল সন্ধিয়াৰ মূলআকর্ষণ আছিল বঁটা প্রদান অনুষ্ঠান, য’ত ৩৭ গৰাকী ব্যতিক্রমী ব্যক্তি আৰু প্রতিষ্ঠানক বিভিন্ন ক্ষেত্রত আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে “মির্চি এক্সেলেন্স এবার্ড ২০২৫”ৰে বিভূষিত কৰা হয়। লগতে জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হয় প্রখ্যাত সমাজকর্মী তথা চলচ্চিত্র নির্মাতা শংকৰলাল গোরেংকাক। “মির্চি এক্সেলেন্স এৱার্ড ২০২৫” বঁটাপ্রাপকসকলৰ ভিতৰত আছে শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে নেৰিম গ্রুপ অৱ ইনষ্টিটিউচনৰ সঞ্চালিকা অধ্যাপিকা ড° সংগীতা ত্রিপাঠী, গুৱাহাটীৰ উপ সাধাৰণ প্রবন্ধক(ছিডবি) প্রদীপ কুমাৰ নাথ, ডব্লিউ ডব্লিউ এফৰ ৰাজ্যিক সমন্বয়ক (অসম আৰু এ পি ৰাজ্যিক কার্যালয়) অর্চিতা ভট্টাচার্য, অধিবক্তা চোহেলি শীল সৰকাৰ, সভয় গ্রুপৰ প্রতিষ্ঠাপক আৰু পৰিচালন সঞ্চালক তুষাৰ চামাবিয়া, অধিবক্তা সীমা শর্মা, কচম হাস্পতালৰ ড০ হৃষিকেশ হাজৰিকা, জ্যেষ্ঠ সাংবাদিক দেৱজিৎ ভূঞা, ষ্টোননেজ কনষ্ট্ৰাকচন প্রাইভেট লিমিটেডৰ মাধুর্য প্রতীপ ভৰদ্বাজ, জয়ন্ত গোস্বামী, আভা ক্রিয়েচনৰ ছ’চিয়েল ই ইমপেক্ট ফাউণ্ডেচনৰ চিএমডি অনু মণ্ডল, মালু গ্ৰুপৰ প্রতিষ্ঠাপক জেঠমল মালু, অভিনেত্রী ঋত্বিশা খাউণ্ড, অভিনেতা তথা পৰিচালক শশাংক সমীৰ, ফিটনেছ তথা উদ্যোগী সুচন্দ্রা ৰায়, শিক্ষাবিদ ড০ জুবিশ্রী কলিতা, সাহিত্য তথা সমাজসেবক মেহেজবিন হুছেইন, অভিনেতা সিদ্ধার্থ শর্মা, অনলি শ্বেফ’ৰ প্রতিষ্ঠাপক অমিতাভ দত্ত, বুটিক ফেশ্বন এণ্ড লাইফষ্টাইল এজেন্সীৰ প্রতিষ্ঠাপক আজান আকাশ বৰুৱা, কেৰিয়াৰ গাইডেন্স ড০ ববি গোস্বামী বৰুৱা, প্রখ্যাত সংগীতশিল্পী মানস ৰবিন, ইউটিউবাৰ ডিম্পু বৰুৱা, ভূগৰাজ জেৰেমি ক্রিয়েচনছ-ৰ ড০ ডেইজী ৰাণী দাস, বৰুৱা কনষ্ট্ৰাকচন এণ্ড এবি মিডিয়া প্রডাকচনৰ প্রতিষ্ঠাপক তথা সৃষ্টিশীল পৰিচালক অভিজিৎ বৰুৱা, সংগীত শিল্পী ঋতৃষা শর্মা, পেশাদাৰী আর্ম ৰেছলাৰ প্রাণজিৎ শইকীয়া, পিউৰ স্পিৰিটৰ এমডি আশিস কুমাৰ দেৱ, মুস্কান এৰ’স্পেছ প্রাইভেট লিমিটেডৰ চীফ অপাৰেটিং অফিচাৰ প্রাণেশ দেননাথ, ফেশ্বন ডিজাইনাৰ জেবিনা লম্বৰ, এমএন কমিউনিকেচন, সাহিত্যিক, কবি আৰু সংগীত শিল্পী মৈত্রী পাটৰ, নেৰিম গ্রুপ অৱ ইনষ্টিটিউচন, প্রখ্যাত সংগীতশিল্পী মর্মিতা মিত্র, ফেশ্বন ডিজাইনাৰ প্রিয়ংকা বৰা তালুকদাৰ, ফিনিক্স বিএলটি এণ্ড মার্কেটিং ছল্যুচনছ প্রাইভেট লিমিটেড, ৰেডিছন ব্লু হোটেল গুৱাহাটী আৰু সংগীত শিল্পী শতাব্দী খাটনিয়াৰ। এই বঁটাপ্ৰাপক ব্যক্তি আৰু সংস্থাসমূহৰ বৈচিত্র্যময় অৱদানে উত্তৰ-পূব ভাৰতৰ মনোভাবক অনুপ্রাণিত কৰাৰ লগতে প্ৰতিটো ক্ষেত্ৰ জীপাল আৰু সাৰুৱা কৰি তুলিছে। “মির্চি এক্সেলেন্স এৱার্ড ২০২৫” কেৱল এক বঁটা অনুষ্ঠান নহয়-এই অনুষ্ঠান হৈছে উত্তৰ-পূর্বাঞ্চলৰ আশা, সাহস আৰু সাফল্যৰ উদযাপন। এই অনন্য যাত্রা ২০১৬ চনত ৰেডিঅ’ মির্চি গুৱাহাটীৰ সংগীত আৰু মনোৰঞ্জন ক্ষেত্ৰৰ জৰিয়তে আৰম্ভ হৈছিল, এই যাত্রাই আজি এই বঁটা অনুষ্ঠানৰ জৰিয়তে অঞ্চলটোৰ গৌৰৱগাঁথা বিশ্বমুখী কৰি তুলিছে। সমগ্ৰ যাত্রাটোক আন্তৰিকতাৰে আৰু সুকলমে আগবঢ়াইছে ব্যতিক্রম গ্রুপে। অনুষ্ঠানটোৰ বাবে ছেটিলিছ লিগেল এলএলপি, ৰেডিছন ব্লু, প্ৰাগ নিউজ আৰু দ্য চেণ্টিনেলে সহযোগিতা প্রদান কৰে। Share this:FacebookX Related Post navigation নতুন নিছান মেগনাইটৰ বাবে চিএনজি ৰেট্ৰ’ফিটমেণ্ট কিটৰ দ্বিতীয় পৰ্যায় মুকলিৰ কথা ঘোষণা নিছান মটৰ ইণ্ডিয়াৰ ভাৰতত নথিঙে মুকলি কৰিলে প্ৰথম ফ্লেগশ্বিপ ফোন আৰু কাণৰ ওপৰত লগোৱা হেডফোন